ডিজিটেল ডেস্কঃ সেউজীয়া হৈ পৰিব গুৱাহাটীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। ২০ দিনৰ ভিতৰত ঘাই পথটোৰ জালুকবাৰীৰ পৰা খানাপাৰালৈ ডিভাইডাৰৰ মাজে মাজে ৰোপণ কৰা হ'ব, প্রায় ১০ হাজাৰ গছ, ফুলৰ পুলি। ইতিমধ্যে ৰোপণৰ কাম পূর্ণগতিত অব্যাহত আছে। কামিনি, কাঞ্চন, গোল মোহৰকে ধৰি বিভিন্ন ধৰণৰ ফুলৰ পুলি ঘাইপথৰ ডিভাইডাৰত ৰোপণ কৰাৰ লগতে পুলিসমূহক বেৰা দি উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখযোগ্য যে ৰাজ্যৰ লগতে খোদ ৰাজধানী মহানগৰ গুৱাহাটীতো দ্রুতগতিত পৰিৱেশ প্ৰদূষণৰ মাত্রা বৃদ্ধি পাইছে। শব্দ প্ৰদূষণ, পানী প্ৰদূষণ আৰু মাটি প্ৰদূষণৰ সমানেই বৃদ্ধি পাইছে বায়ু প্রদূষণ। মহানগৰখনত বৃদ্ধি পোৱা প্ৰদূষণে এতিয়া পৰিৱেশ বিজ্ঞানীসকলকো অধিক উদ্বিগ্ন কৰি তুলিছে। গুৱাহাটীৰ বায়ুৰ মান কিছু বছৰৰ পৰা নিম্নগামী হৈ আহিছে। বায়ুৰ এই মান স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি স্বাস্থ্য বিশেষজ্ঞসকলে জানিবলৈ দি এনে বায়ু সেৱনৰ ফলত দেহত এলার্জি, ব্রংকাইটিছ, বসন্ত আদি বিভিন্ন চৰ্মজনিত ৰোগৰ লগতে বিশেষকৈ শিশু আৰু বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰত হাঁওফাও, হৃদৰোগ আৰু শ্বাস-প্রশ্বাসৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ মহানগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ানক প্ৰদূষণৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক লাখ-লাখ বাহনৰ চলাচল হয়।
কিন্তু ঘাই পথত চলাচল কৰা অধিকসংখ্যক বাহনৰেই নাথাকে প্রদূষণমুক্ত প্ৰমাণ-পত্ৰ। ঘাইপথটোৰে অহা-যোৱা কৰা বাছ, ট্রাক আদি একাংশ বাহনে অত্যধিক প্ৰদূষণৰ সৃষ্টি কৰিছে। ফলত ঘাইপথৰ কাষত বাস কৰা অধিকাংশ লোক চকুৰ ৰোগৰ পৰা আৰম্ভ কৰি ছালৰ বেমাৰ আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। গতিকে জালুকবাৰীৰ পৰা খানাপাৰালৈ ডিভাইডাৰৰ মাজে মাজে ৰোপণ কৰিবলগীয়া প্রায় ১০ হাজাৰ গছ, ফুলৰ পুলিয়ে ঘাইপথটোৰ সৌন্দৰ্যবৰ্ধনৰ লগতে প্ৰদূষণ ৰোধতো সহায়ক হ'ব বুলি আশা প্রকাশ কৰা হৈছে।