নিৰি ৯ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ সামৰণি, 'জুইফুল 'লৈ সন্মানজনক ড° জুবিন গাৰ্গ সোঁৱৰণী শ্রেষ্ঠ পূৰ্ণদৈর্ঘ্য ছবিৰ বঁটা

dainik janambhumi January 17, 2026

ডিজিটেল ডেস্ক : চিনেমাৰ উৎকৰ্ষতা, সৃষ্টিশীল বিনিময় আৰু সাংস্কৃতিক উদযাপনৰে  অলপতে নিৰি ৯ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ তৃতীয় সংস্কৰণৰ সফল সামৰণি পৰে। প্ৰসাদ ফিল্ম লেবছ আৰু ৰাজভৱন সাংস্কৃতিক প্রেক্ষাগৃহত আয়োজিত এই মহোৎসৱ সমগ্র ভাৰত তথা বিদেশৰ চলচ্চিত্র নির্মাতা, শিল্পী, উদ্যোগৰ জ্যেষ্ঠ ব্যক্তি আৰু চলচ্চিত্রপ্রেমীসকলক একত্ৰিত কৰা এক সজীৱ মঞ্চ হিচাপে আত্মপ্রকাশ কৰে। এই দুদিনীয়া মহোৎসৱত পূর্ণদৈর্ঘ্য ছবি, চুটি ছবি, অতি চুটি ছবি আৰু তথ্যচিত্ৰৰ এক আকর্ষণীয় পৰিসৰ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপালৰ বিশেষ মুখ্য সচিব এম দানা কিশোৰ (আই এ এছ) উপস্থিত থাকে। তেলংগানা চলচ্চিত্র উন্নয়ন নিগমৰ পৰিচালন সঞ্চালিকা চি প্রিয়ংকাই বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে। 

সামৰণী অনুষ্ঠানত অভিনেতা তথা পৰিচালক অশোক কুমাৰ, এছ ভি এফ এফ এৰ অধ্যক্ষ অজিত সুৰভি আৰু অন্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মহোৎসৱৰ অন্যতম বৌদ্ধিক আকর্ষণ হিচাপে পৰিগণিত হোৱা পেনেল আলোচনাত সীমা বিশ্বাস, কার্লিটা মৌহিনী, মনোজ নন্দৱানা, যদুমণি দত্ত, ড° পদ্মিনী নাগুলাপল্লী, সতীশ, ৱাই ৰবি শংকৰ আৰু মহোৎসৱৰ সঞ্চালক ড° জোনমণি দেৱী খাউণ্ডৰ দৰে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। সুনীতা কৃষ্ণণে এই সমাৱেশখন পৰিচালনা কৰে। এই আলোচনাত সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে চিনেমা, স্বতন্ত্র চলচ্চিত্র নির্মাণ, প্রতিনিধিত্ব আৰু ডিজিটেল যুগত কাহিনী কোৱাৰ ক্ৰমবর্ধমান পৰিৱেশৰ ওপৰত অন্তর্দৃষ্টিপূর্ণ বার্তালাপ চলে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় আৰু বিশ্বজুৰি চলচ্চিত্র নির্মাণ, সহঃ প্রযোজনা আৰু বিতৰণৰ দৰে বিষয়সমূহৰ ওপৰতো বিশদভাৱে আলোচনা কৰা হয়। চলচ্চিত্র মহোৎসৱৰ বিভাগ অনুযায়ী বিজয়ীসকলক নির্বাচিত কৰি বঁটা প্ৰদান কৰা হয়। সেই অনুসৰি পূর্ণদৈর্ঘ্য চলচ্চিত্র শিতানত 'জুইফুল'-এ শ্রেষ্ঠ পূর্ণদৈর্ঘ্য ছবিৰ বঁটা লাভ কৰাৰ বিপৰীতে বিষ্ণু খাৰঘৰীয়াই শ্রেষ্ঠ অভিনেতা আৰু আকাংক্ষা যাদৱে শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। নিহাৰ কাশ্যপ, ছানিদুল ইছলাম, মাণিক আলীয়ে শ্রেষ্ঠ শিশু শিল্পীৰ বঁটা লাভ কৰে। সেইদৰে ৰাজেশ ট'ছৰিভাৰে শ্ৰেষ্ঠ পৰিচালক, নৌচাদ চেৰিফে শ্রেষ্ঠ চিত্রগ্রহণ, কে শশী কুমাৰে শ্ৰেষ্ঠ সম্পাদনা, সৌৰভ মহন্তই শ্রেষ্ঠ সংগীত পৰিচালক, ৰিতুল ফুকনে শ্রেষ্ঠ কনচেপ্ট, জ্যোম্বিকা তনভী কাশ্যপে শ্রেষ্ঠ কলা নির্দেশনা, কংকন বৰাই শ্রেষ্ঠ চিত্রনাট্য, এন জি ৰোছনে শ্রেষ্ঠ মেক-আপ, দেৱজিৎ গায়নে শ্রেষ্ঠ শব্দ বিন্যাস, নন্দিনী শর্মা দত্তই শ্রেষ্ঠ সাজসজ্জাৰ বঁটা লাভ কৰে। 

চুটি ছবিৰ শিতানত 'কেৰেক্টাৰ'-এ শ্রেষ্ঠ চুটি ছবিৰ বঁটা পোৱাৰ লগতে অতি চুটি ছবিত 'ডেট আগলি গ্রীন প্লেনেট'-এ শ্রেষ্ঠ অতি চুটি ছবি, 'শেষ চিঠি'য়ে দ্বিতীয় শ্রেষ্ঠ অতি চুটি ছবি আৰু 'অমনিপ্রেজেণ্ট'-এ তৃতীয় শ্রেষ্ঠ অতি চুটি ছবিৰ বঁটা লাভ কৰে। উল্লেখযোগ্য যে সামৰণী অনুষ্ঠানৰ এক অন্যতম আকর্ষণ হিচাপে 'জুইফুল'-এ ড° জুবিন গাৰ্গ সোঁৱৰণী শ্রেষ্ঠ পূর্ণদৈর্ঘ্য ছবিৰ বঁটা লাভ কৰে। মহোৎসৱৰ সফল সামৰণি সন্দর্ভত সকলো অংশগ্রহণকাৰী, জুৰী সদস্য, গণ্যমান্য ব্যক্তি, অংশীদাৰ, স্বেচ্ছাসেৱক আৰু দৰ্শকলৈ সঞ্চালিকা ড° জোনমণি দেৱী খাউণ্ডে আন্তৰিক কৃতজ্ঞতা প্রকাশ কৰে।

Share This