NIT শিলচৰত সহপাঠীক আক্ৰমণ! পাঁচ বাংলাদেশী ছাত্ৰ নিলম্বিত, দেশলৈ ঘূৰাই পঠোৱাৰ সিদ্ধান্ত

Rashmi September 15, 2025

ডিজিটেল ডেস্কঃ  অসমৰ শিলচৰৰ নেশ্যনেল ইনষ্টিটিউট অব্ টেকন’লজি (NIT)ত কেম্পাছৰ হিংসাত্মক ঘটনাৰ বাবে সাময়িকভাৱে নিলম্বন কৰা হৈছে পাঁচগৰাকী বাংলাদেশী ছাত্ৰক। ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ বৃত্তিত অধ্যয়ন কৰি থকা এই ছাত্ৰসকলৰ ৰূমৰ পৰা নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা বুলিও খবৰ পোৱা গৈছে। বহিষ্কৃত ছাত্ৰকেইজন হৈছে এছ কে শ্বাহৰিয়াৰ আহমেদ আকাশ, সীমান্ত ঘোষ, সৌম্যজিৎ পাল, সজ্জাদ হুছেইন ৰফি, মহম্মদ নূৰ হুছেইন। ৫গৰাকী মূল অভিযুক্তক এটা শিক্ষাবৰ্ষৰ বাবে নিলম্বন কৰাৰ লগতে ১২ ছেপ্টেম্বৰত তেওঁলোকক হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰা হৈছে।

যোৱা ৮ ছেপ্টেম্বৰৰ নিশা সংঘটিত হয় এই ঘটনা। তৃতীয় বৰ্ষৰ এইকেইজন বাংলাদেশী ছাত্ৰই সহপাঠীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হয়। সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছে ছাত্ৰ‌কেইজন।

প্ৰতিষ্ঠানটোৰ পৰিচালক অধ্যাপক দিলীপ কুমাৰ বৈদ্যই কয় যে তেওঁলোকৰ হাতত যথেষ্ট প্ৰমাণ আছে যে বাংলাদেশী ছাত্ৰকেইজন কেম্পাছত ব্যাপক হিংসাৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। ইয়াৰ বাবে তেওঁলোকক দুটা ষান্মাসিকৰ বাবে নিলম্বন কৰা হৈছে। যিহেতু তেওঁলোকে ক্লাছত উপস্থিত থাকিব নোৱাৰিব, গতিকে অতি সোনকালে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ’ব।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে এখন তদন্ত কমিটী গঠন কৰা হয় আৰু তদন্ত অনুসৰি বাংলাদেশী ছাত্ৰকেইজনৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ পোৱা যায়। এই ঘটনা হিন্দু-মুছলমান সাম্প্ৰদায়িক ঘটনা নাছিল, বৰঞ্চ সহপাঠীৰ মাজত সংঘটিত হৈছিল। শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে আহতসকল।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This