পঞ্চাশৰো অধিক পৰিয়ালক সংস্থাপন, নিতাইপুখুৰীত কৃষি-কৰ্মৰে বছৰি ত্রিছ লাখ টকা উপাৰ্জন হেমন্ত টাৱৰ

dainik janambhumi January 01, 2026

ডিজিটেল ডেস্ক : মনত অদম্য সাহস আৰু কর্মস্পৃহা থাকিলে জীৱনত সকলো কাম কৰা সম্ভৱ। পৰিশ্ৰমী আৰু একাগ্রতা থাকিলে যে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰি, তাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ দিহিংকলঘৰ গাঁৱৰ হেমন্ত টাও নামৰ যুৱ খেতিয়কজনে। হেমন্ত টাৱে দিহিংমুখৰ ম'হখোৱা চাপৰিত কালিৰপৰা প্রায় পঁচিছ বছৰ পূৰ্বে গঢ়ি তুলিছিল এখন কৃষি ফার্ম। সাংবাদিকৰ আগত নিজৰ মনৰ কথা ব্যক্ত কৰি হেমন্ত টাৱে কয় যে প্রথমাৱস্থাত চাপৰিত ফার্ম খোলোঁতে বিভিন্ন লোকৰ কটু কথাৰ লগতে তিৰস্কাৰ শুনিবলগীয়া হৈছিল। কিন্তু কোনো মানুহৰ কথালৈ কেৰেপ নকৰি নীৰৱে কৃষি-কৰ্মত নিজক মনোনিৱেশ কৰি গৈছিল। চাপৰিত প্ৰায় তিনিশ বিঘা ভূমিত সৰিয়হ, ৰঙালাও, গোমধান, আলুকে ধৰি বিভিন্ন খেতি কৰাৰ লগতে গাহৰি পালন কৰি নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিছিল।

প্ৰচাৰৰপৰা সততে আঁতৰি থকা হেমন্ত টাৱে এইবাৰ ৭০ বিঘা ভূমিত তিলখেতি কৰিছে। প্রতিবিঘাত গড়ে দুই কুইণ্টলকৈ ধৰি ১৪০ কুইণ্টল তিল উৎপাদন হ'ব। প্রতি কেজি তিল কিমান টকাত বিক্রী কৰিব বুলি সোধাত কয় যে প্রায় ১৫০ টকাৰ পৰা ২০০ টকাত বিক্ৰী হয়। অর্থাৎ প্রতি কুইণ্টলত ১৫০০০ টকাৰপৰা ২০,০০০ টকা পর্যন্ত বিক্রী হয়। এইবাৰ যদিহে ১৪০ কুইণ্টল উৎপাদন হয়, তেন্তে প্রতি কুইণ্টলত ১৫০০০ হাজাৰ টকাত বিক্ৰী কৰিলে ২১,০০,০০০ টকা পোৱা যাব। বৰ্তমান তিল বাৰীৰপৰা তোলাৰ লগতে মাঘ বিহুত বিক্ৰী কৰিবলৈ সাজু হৈছে। এই কৰ্মৰ বাবে স্থানীয় বিছগৰাকী মহিলা নিয়োজিত হৈছে। আনহাতে, তেওঁ লগতে কয় যে এইবাৰ প্ৰায় ১০০ বিঘা সৰিয়হ খেতি কৰিছে। বিগত বৰ্ষত প্রতি কুইণ্টল সৰিয়হ ৪৫০০ ৰপৰা ৫০০০ টকাত বিক্ৰী কৰিছিল। এইবাৰ সৰিয়হ দাম বৃদ্ধি হ'ব বুলি তেওঁ আশা প্রকাশ কৰে। লগতে ২০০ৰপৰা ৩০০ কুইণ্টল সৰিয়হ উৎপাদন হ'ব বুলি প্রকাশ কৰে। যদিহে ২৫০ কুইণ্টল উৎপাদন হয়, তেন্তে প্রতি কুইণ্টল ৫০০০ টকাত বিক্ৰী কৰিলে ১২,৫০,০০০ পোৱা যাব বুলি কয়। ইফালে হেমন্ত টারে এইবাৰ প্ৰায় ৪৫ টন ৰঙালাও পশ্চিম বংগলৈ ৰপ্তানি কৰিছে। যাৰ মূল্য প্রায় চাৰি লাখ টকা। বিগত বৰ্ষত ১০০ টন ৰঙালাও পশ্চিম বংগলৈ ৰপ্তানি কৰিছিল। ফাৰ্মত থকা চাৰি শতাধিক গাহৰি আফ্রিকান ছোৱাইন ফিভাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ইফালে ফার্মত প্রায় দুশ উন্নত জাতৰ ছাগলী পুহিছে। আনহাতে, বছৰৰ বাৰ মাহে ফাৰ্মত বিভিন্ন ধৰণৰ খেতি কৰি আহিছে।

সৰিয়হৰ পাছতে প্রায় ১০০ বিঘা গোমধান খেতি কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি জানিবলৈ দিয়ে। বছৰি প্ৰায় ত্ৰিছ লাখৰো অধিক টকা খেতি কৰি উপাৰ্জন কৰে। ইফালে তেওঁৰ ফাৰ্মত নিয়মীয়াকৈ ৫০জনৰো অধিক লোকক কর্ম সংস্থাপন দিছে। বছৰি এইসকল লোকে তেওঁৰ ফাৰ্মত নিয়মীয়াকৈ কর্ম সংস্থাপন লাভ কৰি আহিছে। কৃষি বিভাগৰপৰা কেনেধৰণৰ সঁহাৰি লাভ কৰিছে বুলি প্রশ্ন কৰাত তেওঁ কয় যে অসম চৰকাৰৰ কৃষি বিভাগে সকলো প্ৰকাৰে সহায় কৰিছে। এইক্ষেত্ৰত মহকুমা কৃষি বিষয়া গণেশ পহুচুঙী, কৃষি সম্প্ৰসাৰণ সহায়ক নীলোৎপল মহন্তৰ নাম উল্লেখ কৰে। হেমন্ত টারে ম'হখোৱা চাপৰিত কৃষি-কৰ্মৰ জৰিয়তে যি বিপ্লৱৰ সূচনা কৰিছে, তেওঁক দেখি পৰৱৰ্তী সময়ত বহু খেতিয়কে খেতিত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। কৃষি ক্ষেত্রত নিয়োজিত নৱ প্ৰজন্মৰ বাবে হেমন্ত টাও এক বিশেষ চর্চিত নাম হৈ পৰিছে। হেমন্ত টাৱৰ আদৰ্শৰে পৰিচালিত হওক নৱ প্ৰজন্ম।

Share This