ডিজিটেল ডেস্কঃ 'যিয়ে পাকিস্তানক সমর্থন কৰিব তাকে আমি এৰেষ্ট কৰিম। ডাইৰেক্টলী আৰু ইনডাইৰেক্টলী পাকিস্তানক সমৰ্থন কৰিলেই গ্ৰেপ্তাৰ হ'ব।' অসমত থকা পাকিস্তান সমর্থনকাৰীক শেষ সকীয়নি দিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
শ্রীভূমিৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে পাকিস্তান জিন্দাবাদ বুলি কোৱা কাকো ৰেহাই দিয়া নহ'ব। সকলোকে এজন এজনকৈ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব। ড° শৰ্মাই নির্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ প্রথমে শ্রীভূমিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। কাৰণ আজিৰ এই নির্বাচনী প্ৰচাৰ চলাবলৈ অহা স্থানত লোক সভা নিৰ্বাচনৰ সময়ত আহি ৰাইজৰ ওচৰত ভোট বিচাৰিছিল। আৰু ৰাইজে বিজেপিৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰোৱাইছিল।
এইবাৰো পঞ্চায়ত নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা বিজেপি-অগপৰ প্ৰাৰ্থীসকলক নির্বাচিত কৰাৰ বাবে আহবান জনায়। লগতে চৰকাৰখনে লোৱা আঁচনিসমূহৰ বিষয়ে অৱগত কৰি ড° শর্মাই কয় যে অহা বছৰ মাৰ্চ মাহত বিধানসভাৰ নিৰ্বাচনত অনুষ্ঠিত হ'ব। ১০ মে'ত বৰ্তমানৰ চৰকাৰখনে চাৰি বছৰ সম্পূৰ্ণ কৰিব। বিজেপি চৰকাৰৰ আগতে ৰাজ্যখনত কংগ্ৰেছ দলৰ চৰকাৰ আছিল। কংগ্ৰেছ চৰকাৰখনে আপোনালোকক কি দিছে মনত আছে নেকি বুলি তেওঁ উপস্থিত ৰাইজক সোধে। যাৰ যাৰ মনত আছে ঠিক আছে। যাৰ যাৰ নাই মই মনত পেলাই দিছোঁ। কংগ্ৰেছ দলৰ চৰকাৰে আমাক লুঙী, ধৃতী, সূতা, কম্বল আৰু আঁঠুৱা দিছিল। আমাৰ চৰকাৰৰ দিনত অৰুণোদয়, নিযুত মইনা, ৰেছন কার্ড দিয়া বুলি কৈ উন্নয়নমূলক আঁচনিৰ কথা কয়। লগতে বাট-পথ নির্মাণ, দলং নিৰ্মাণ কৰাৰ কথাও কয়। তদুপৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে অসমত ইমানেই উদ্যোগ গঢ়িম যে বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা সকলো ল'ৰাক ঘূৰাই আনিম। বৰাকৰ বাবে আৰু এখন মেডিকেল কলেজ স্থাপন কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। হাইলাকান্দি জিলাত এখন মেডিকেল কলেজ স্থাপন কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ ২৫ হাজাৰ কোটি টকাৰে গুৱাহাটীৰ পৰা হাইলাকান্দি জিলাৰ পাঁচগ্রামলৈ এক্সপ্ৰেছ বে' কৰিডৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। গেছৰ দাম শ্রীভূমিত ১০৫০ টকা লোৱাৰ কথা ৰাইজৰ পৰা শুনি কিছু সময়ৰ বাবে মঞ্চত থমকি ৰ'ব লগা হয় মুখ্যমন্ত্রী।
পাছত তেওঁ ম'বাইল ফ'ন উলিয়ায় ছাৰ্চ কৰি ৰাইজক জনায় যে চৰকাৰী দাম ৯৮৭ টকা। গতিকে ৯৮৭ টকা ল'ব লাগে। মই এতিয়াই ডি চিক কৈ আছোঁ। এতিয়াৰ পৰা ৬০০ টকাত চিলিণ্ডাৰ গেছ আৰু ২৫০ টকাত উজ্জ্বলা যোজনাৰ গেছ চিলিণ্ডাৰ পাব বুলি ৰাইজক আশ্বাস দিয়ে। লগতে ৰাইজক উদ্দেশ্যি কয় ফে'চবুকত যি টি লিখা নিলিখিব। পাকিস্তানক সমর্থন কৰিলে জে'ললৈ যাবলগীয়া হ'ব। মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে কালিৰ সভাত উপস্থিত আছিল মন্ত্রী কৃষ্ণেন্দু পাল, কৌশিক ৰয়, ৰাজ্য সভাৰ সংসদ মিশন ৰঞ্জন দাস, বিধায়ক বিজয় মালাকাৰ, জিলা সভাপতি সঞ্জীৱ বণিক, প্রাক্তন সভাপতি সুব্রত ভট্টাচার্য্যসহ দলীয় নেতৃবৃন্দ আৰু কৰ্মীসকল।