ডিজিটেল ডেস্ক : অসম চুক্তিৰ আধাৰত নিৰ্মাণ হোৱা নুমলীগড় তেল শোধনাগাৰৰ (এন আৰ এল) নিযুক্তি নীতি বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উদ্যোগটোত কেৱল গোলাঘাট জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে নিযুক্তি হৈ অহা প্রক্রিয়া বাতিল কৰি ন্যায়ালয়ে এতিয়াৰ পৰা সকলো যোগ্য প্রার্থীৰ বাবেই উদ্যোগটোত নিযুক্তিৰ দুৱাৰ খোলা ৰখাৰ নির্দেশ দিয়া হৈছে।
উল্লেখযোগ্য যে এন আৰ এলে উদ্যোগটোত চতুর্থ বৰ্গ আৰু পঞ্চম বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিৰ ক্ষেত্ৰত কেৱল গোলাঘাট জিলা নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন থকা নিবনুৱাকহে যোগ্য বুলি গণ্য কৰি আহিছিল। ২০০৪ চনৰ পৰা উদ্যোগটোৱে এই নিযুক্তি নীতি গ্রহণ কৰি আহিছিল। ৰাজ্যৰ অন্য কোনো জিলাৰ নিবনুৱাক চতুৰ্থ আৰু পঞ্চম বৰ্গৰ চাকৰিত নিযুক্তি প্রদান কৰা নাছিল।
কিন্তু এতিয়া ন্যায়ালয়ে উদ্যোগটোক এই নীতি বাতিল কৰিবলৈ নির্দেশ দি এই পদসমূহতো নিযুক্তিৰ ক্ষেত্ৰত সকলো যোগ্য প্রার্থীৰ বাবে পথ খোলা ৰখাৰ নির্দেশ দিছে। লক্ষণীয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৫জন বঞ্চিত প্রার্থীয়ে এন আৰ এলৰ এই নিযুক্তি নীতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আৱেদন কৰিছিল। এই গোচৰৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে এন আৰ এলক এই নিযুক্তি নীতিৰ সংশোধন কৰি ৰাজ্যৰ সকলো যোগ্য নিবনুৱাকে এই পদসমূহতো নিযুক্তি পোৱাৰ ক্ষেত্ৰত যোগ্য বুলি গণ্য কৰিবলৈ নিৰ্দেশ দিয়ে। অভিযোগকাৰীসকলে কেৱল নিযুক্তিৰ ক্ষেত্ৰতে নহয়, জলপানিৰ ক্ষেত্ৰতো বৈষম্য কৰাৰ অভিযোগ কৰে। তেওঁলোকে ৰাজ্যৰ উদ্যোগতে খিলঞ্জীয়াক নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি লৈ বঞ্চিত কৰাৰ বিৰুদ্ধাচৰণ কৰে।