ডিজিটেল ডেস্ক : উত্তৰ পাৰৰ লগত মাজুলীৰ যোগাযোগ ব্যৱস্থা সুচল কৰিবলৈ নিৰ্মাণ কৰা হৈছিল দুখনকৈ দলং। প্রথমখন দলং মাজুলীৰ চেলেক গাঁৱৰ খেৰকটীয়া নদীৰ ওপৰত আৰু দ্বিতীয়খন দলং লখিমপুৰ-ধূনাগুৰিৰ অংশত সোৱণশিৰি নদীৰ ওপৰত। সোৱণশিৰিৰ ওপৰৰ দলংখনৰ মুঠ দৈর্ঘ্য প্রায় ২৮৮০ মিটাৰ আৰু লোহিত নদীৰ ওপৰৰ দলংখনৰ মুঠ দৈর্ঘ্য প্রায় ৭০০ মিটাৰ। মুঠ ৬৯৪ কোটি টকাৰে 'অসমমালা' আঁচনিৰ অধীনত মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে পথ আৰু দুয়োখন দলংসহ মুঠ ১৯ কিল'মিটাৰৰ চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ২০২২ বৰ্ষৰ ১১ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই শিলান্যাস কৰাৰ পাছতে। দলং নিৰ্মাণৰ কাম লাভ কৰিছিল এছ পি ছিমলা নামৰ নিৰ্মাণকাৰী প্রতিষ্ঠানটোৱে। ইয়াৰে প্ৰথমখন দলং ১২ ফেব্ৰুৱাৰীত মুকলি কৰিছিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই, যিটো মাজুলীবাসীৰ বাবে গৌৰৱৰ ক্ষণ আছিল। কিয়নো এই যোগাযোগ ব্যৱস্থাই উত্তৰ পাৰৰ লগত যাতায়াত ব্যৱস্থাত আনিলে আমূল পৰিৱৰ্তন। এই আনন্দৰ মাজতে মাজুলীবাসীৰ বাবে এক ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে।
যোৱা ১২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুকলি কৰা মাজুলী-লখিমপুৰ সংযোগী চেলেক-ধূনাগুৰি দলঙৰ গাৰ্ড ৱালত দেখা দিছে বৃহৎ বৃহৎ অসংখ্য ফাট। মুকলিৰ এসপ্তাহ সম্পূর্ণ নৌহওঁতেই দলঙৰ দেৱাল ছিৰাল ফাট মেলাত চকু কপালত উঠিছে ৰাইজৰ। দলংখনত এখন সুৰক্ষাৰ বাবে আৰু আন এখন মূল গার্ডৱাল সংযুক্ত আছে। কিন্তু দুয়োখন গার্ডৱালত এতিয়া আধা মিটাৰৰ অন্তৰে অন্তৰে ছিৰাল ফাট দেখিবলৈ পোৱা গৈছে। এগৰাকী স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত কয় যে ফেব্ৰুৱাৰী মাহৰ ১২তাৰিখে মুখ্যমন্ত্ৰীগৰাকী আহি মাজুলীবাসীক উপহাৰ দিছিল এখন সুন্দৰ দলং, সেইবাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছোঁ। মাজুলীবাসী এই উপহাৰ পোৱাৰ পাছতে আনন্দত আত্মহাৰা হৈছিল। মাজুলীৰ পৰা চেলেক-ধূনাগুৰি যিখন দলং, সেইখন মুকলি কৰি মাজুলীৰ কাৰণে এক যুগান্তকাৰী সিদ্ধান্ত গ্রহণ কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে যি চেলেক-ধূনাগুৰি দলং মুকলি কৰিছিল, সেয়া মুকলি কৰা কিছুদিন হৈছে। আমি আজি পর্যবেক্ষণ কৰি দেখা পাইছোঁ, গার্ডৱালসমূহত ছিঁৰাল ফাট মেলিছে। তেওঁ পুনৰ কয় যে এইক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষই এক তদন্ত কৰিব লাগে। মাজুলী জিলা আয়ুক্তগৰাকীয়ে এখন উচ্চ পৰ্যায়ৰ তদন্ত কমিটী গঠন কৰি এক তদন্ত কৰিব লাগে। নির্মাণকার্যত জড়িত থকা যিটো সংস্থা আছে, এই সংস্থাটোৰ ওপৰতো বিহিত ব্যৱস্থা গ্রহণ কৰিব লাগে। কিয়নো উদ্বোধনৰ পাঁচ-ছদিনৰ পাছতে যদি এনেদৰে ছিৰাল ফাট মেলে, শ শ মানুহে যাতায়াত কৰাৰ সময়ত যদি কোনো দুর্ঘটনা ঘটে, তাৰ বাবে দায়ী কোন হ'ব? ৭৫০ মিটাৰ দৈৰ্ঘ্যৰ এই লোহিত নদীৰ ওপৰৰ দলংখনৰ মানক লৈ এতিয়া প্রশ্ন উত্থাপন হৈছে আৰু ৰাইজে ক্ষোভ প্রকাশ কৰিছে। ইয়াৰ পাছতে এই বিষয়ত নির্মাণ কোম্পানীৰ সংশ্লিষ্ট অভিযন্তাক প্রশ্ন কৰাত তেওঁলোকে এয়া কোনো ডাঙৰ কথা নহয়, দুই-চাৰি দিনৰ ভিতৰতে ঠিক কৰা হ'ব বুলি মন্তব্য কৰে। লগতে কিয় ফাট মেলিছিল বুলি সোধাত কিছু কাম বাকী থকাৰ বাবে হৈছে, য'ত ১০ মিলিমিটাৰৰ ফাক আছিল আৰু এতিয়া কাম চলি আছে বুলি জানিবলৈ দিয়ে।
সমগ্র ঘটনাটো পোহৰলৈ অহাৰ পাছতে নিৰ্মাণকাৰী সংস্থাটোৱে ততাতৈয়াকৈ ফাটবোৰ ঢাকিবলৈ বগা ৰং মৰাৰ লগতে বহল ফাটবোৰত প্রটিন মৰা দেখা গৈছে। লগতে যিবোৰ বৃহৎ ফাট সেইবোৰ মেচিনেৰে পুনৰ গাৰ্ড বালখন কাটি তাত কংক্রিট ভৰোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে যে গোটেই দলংখনত থকা বৃহৎ বৃহৎ ফাট মেলা অংশবোৰত মেচিনেৰে কাটি দিয়াৰ ফলত দলংখনৰ মান কমি গৈছে। খুব কম দিনৰ ভিতৰত দলং দুখন ৰাইজৰ বাবে সম্পূৰ্ণ মুকলি কৰি দিয়াৰ পাছত দৈনিক হাজাৰ হাজাৰ গাড়ী চলাচল কৰিব। তেতিয়া এই দলঙৰ মান কমি যোৱাত কেতিয়াবা বিপদো ঘটাব পাৰে বুলি এতিয়া তীব্র চৰ্চা আৰম্ভ হৈছে সচেতন মহলৰ মাজত। গতিকে বিভাগীয় কর্তৃপক্ষই এই ঘটনাৰ ওপৰত কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ'ব।