১০ ছেপ্টেম্বৰত ৰাজহুৱা হʼব পত্নীসহ গৌৰৱ গগৈৰ পাকিস্তানৰে সংযোগ তথ্য 

dainik janambhumi May 07, 2025

ডিজিটেল ডেস্কঃ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগৰ সকলো তথ্য অহা ১০ ছেপ্টেম্বৰত ৰাজহুৱা কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। আনকি এছ আই টিয়ে দাখিল কৰিবলগীয়া প্রতিবেদন তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেকো অর্পণ কৰিব। মঙলবাৰে দিছপুৰত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সংবাদমেলত গৌৰৱ গগৈৰ প্ৰসংগত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কেতবোৰ নতুন তথ্য সদৰী কৰি কয় যে গৌৰৱ গগৈয়ে পোন্ধৰ দিনৰ বাবে পাকিস্তানলৈ গৈ থাকি আহিছে।

আমি তেওঁৰ পাছপ'র্ট, ভিছা সংগ্ৰহ কৰাৰ কামত লাগি আছোঁ। ইয়াৰ বাবে প্রায় তিনিমাহ সময় লাগিব।' আনহাতে সাংসদগৰাকীৰ পৰিবাৰে ১৯বাৰ ভাৰত-পাকিস্তানৰ মাজত অহা-যোৱা কৰিছিল বুলি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে দুই-তিনিবাৰ তেওঁৰ সৈতে পাকিস্তানৰ সেনাৰ লোকো ভাৰতলৈ আহিছে। আমি ইয়াৰো বিস্তৃত তথ্য সংগ্ৰহ কৰি আছোঁ।' মুখ্যমন্ত্ৰীৰ মতে, গগৈৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰিছিল যদিও পাছত দিল্লীলৈ আহি এটা এন জি অ'ত চাকৰি কৰে।

কিন্তু উক্ত এন জি অ'টোত চাকৰি কৰি থাকিলেও তেওঁৰ বেতন পাকিস্তানৰ পৰা আহে। সেইদৰে সাংসদজনে নিজৰ সন্তানৰ ভাৰতীয় পাছপ'ৰ্ট ছাৰেণ্ডাৰ (ত্যাগ) কৰিছে। এইক্ষেত্ৰত তেওঁৰ পত্নীয়ে নহয়, সাংসদগৰাকীয়ে নিজেই স্বাক্ষৰ কৰিছে। ইফালে পাকিস্তান ভ্ৰমণ কৰি অহাৰ পাছত সাংসদ গৌৰৱ গগৈয়ে ৯০জন যুৱক-যুৱতীক দিল্লীস্থিত পাকিস্তান দূতাবাসলৈ লৈ গৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে লগতে কয় যে কেইবাজনেও ষ্টেটমেন্ট দিছে যে তেওঁলোকক বেলেগ এম্বেচীলৈ লৈ যাম বুলি কৈ পাকিস্তান এম্বেচীলৈ লৈ গৈছিল। ইয়াৰ পাছত তেওঁ সংসদতো পাকিস্তানৰ সহায় হোৱাকৈ প্রশ্ন উত্থাপন কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ মতে শুকুৰ আলীতকৈও গৌৰৱ গগৈয়ে ডাঙৰ অপৰাধ কৰিছে। এই সন্দৰ্ভত তেওঁ কয়, 'তেওঁৰ বিৰুদ্ধে শুকুৰ আলীতকৈও ডাঙৰ অভিযোগ উত্থাপন হৈছে। গতিকে শুকুৰ আলী যদি গ্রেপ্তাৰ হয়, তেনেহ'লে বাকীসকলো গ্ৰেপ্তাৰ হ'ব। কাৰণ পাকিস্তানৰ কথাক লৈ কোনো আপোচ কৰা নহ'ব। কোনোবাই কৈছে পাকিস্তান যোৱাটো অপৰাধ নেকি? কিন্তু এই প্রশ্নটো মই কংগ্রেছ নেতা ৰাহুল গান্ধীৰ মুখৰ পৰা শুনিব খুজিছোঁ। কংগ্ৰেছ সভাপতি মল্লিকার্জুন খর্গেয়ে ক'লেও হ'ব যে পাকিস্তানলৈ যোৱাটো অপৰাধ নহয়। তেনেহ'লে 'দুধ কি দুধ, পানী কি পানী' হৈ যাব।' মুখ্যমন্ত্ৰী গৰাকীৰ মতে যি সময়ত সাংসদ গৰাকীৰ পত্নী দিল্লীত আছিল, সেই সময়ত তেওঁ পাকিস্তানত কি কৰিছিল সেয়াহে সকলোতকৈ ডাঙৰ কথা। সেই কথা আমি জানিব লাগিব। আনকি পাকিস্তান সেনাৰ সৈতে সাংসদ গৰাকীৰ ভাল সম্পর্ক আছে। এইক্ষেত্রত আমাৰ হাতত উপযুক্ত তথ্য আছে বুলি দাবী কৰি ড° শৰ্মাই জনায় যে গৌৰৱ গগৈয়ে পেলেষ্টাইনলৈকো গৈছিল। এই ভ্রমণৰ সময়তে তেওঁ ইজৰাইলী দুতাৱাসক জনাইছে যে তেওঁৰ পাছপ'ৰ্টখন হেনো হেৰাইছে। সেইখন পাছপ'র্ট পালে বহু কথা পোহৰলৈ আহিলেহেঁতেন। কিন্তু এইসকল লোক বহুত চালাক। তেওঁলোকৰ ট্রেইনিংবোৰ ওপৰৰ লেভেলত হয়। আনকি তেওঁ পাকিস্তানলৈ বিমানত যোৱা নাছিল। আটাৰী সীমান্তৰে পথযোগে গৈছিল। তেওঁক আদৰিবলৈ কোন ৰৈ আছিল সেয়াও এক প্রশ্নৰ বিষয়।

ইফালে বিদেশৰ পৰা অন্য ৰাষ্ট্ৰলৈ গ'লে তথ্য পোৱাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী গৰাকীয়ে জনায় যে সাংসদগৰাকীয়ে সাত দিন নেপালত আছিল। কিন্তু এতিয়াও নেপাল চৰকাৰে আমাক তথ্য দিয়া নাই। সমগ্র বিষয়টোৰ ক্ষেত্রত অসম চৰকাৰৰ সীমাবদ্ধতা আছে বুলি অৱগত কৰি মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত বিষয়টো কেন্দ্রীয় এজেন্সিক দিয়া হ'ব বুলিও জানিবলৈ দিয়ে। আনকি যিবোৰ মিডিয়াই প্রকাশ কৰি আহিছে যে গৌৰৱ গগৈয়ে সমগ্র বিষয়টো অস্বীকাৰ কৰিছে, উক্ত মিডিয়াবোৰলৈকো জাননী জাৰি কৰা হ'ব বুলি জনাই ড° শৰ্মাই কয় আমি বিচাৰিম তেওঁলোকে যাতে আমাক গগৈয়ে পাকিস্তানলৈ যোৱাৰ কথা অস্বীকাৰ কৰাৰ তথ্য যোগান ধৰে।

Share This