বিলাসীপাৰাত  চলিব অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান

Kakali Deka July 04, 2025

ডিজিটেল ডেস্কঃ বিলাসীপাৰাত  চলিব অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ বাবে  প্ৰশাসনে মজুত কৰি ৰাখিছে হাজাৰ হাজাৰ আৰক্ষী-কনিষ্টবল। 

টিলাপাৰাত হাজাৰ হাজাৰ আৰক্ষী-কনিষ্টবলৰ টহল।  আজি  সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটাৰ  হাজাৰ পৰিয়াললৈ  জিলা প্ৰশাসনে দিছে অন্তিম জাননী।  মাইক্ৰফোন যোগে ৬ জুলাইলৈ সময়সীমা বান্ধি দিছে জিলা প্ৰশাসনে।  
অৱশ্যে ভূমিহীন লোকক ধুবুৰী জিলাৰ বয়জেৰ আলগাত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি জাননীত  উল্লেখ কৰিছে প্ৰশাসনে।  উচ্ছেদৰ জাননী পোৱাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা গাঁৱৰ পৰিয়ালৰ মাজত।

উল্লেখ্য যে তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে উল্লেখিত অঞ্চলসমূহৰ ৪  হাজাৰ বিঘা ভূমি অধিগ্ৰহণ কৰিছে  চৰকাৰে।   ইতিমধ্যে  এই অঞ্চলত দুবাৰকৈ ভূমি পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এবাৰ এই ভূমি পৰ্যবেক্ষণ কৰিছে আদানি গ্ৰুপৰ পৰিচালক জিৎ আদানিয়ে।

Share This