অসমৰ মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ মুকলি চিঠি.....
Jyoti Borah
August 02, 2023
ডিজিটেল ডেস্ক:মঙ্গলদৈৰ বিদ্যালয়ত সশস্ত্ৰ সাম্প্ৰদায়িক অনুশীলন বিষয়ক লৈ বৰ্তমান ৰাজ্য়ত এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সৃস্টি হৈছে।বহু লোকে ইয়াৰ বিৰোধীতা কৰাৰ লগতে কিছু লোকে সমৰ্থন জনোৱা দেখা গৈছে। এনে পৰিস্থিতিত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে লিখা এখন মুকলি চিঠি সংবাদ মাধ্য়মত বিয়পি পৰিছে।
চিঠিখন এনেধৰণৰ
অসমৰ মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি
বিষয়— মঙ্গলদৈৰ বিদ্যালয়ত সশস্ত্ৰ সাম্প্ৰদায়িক অনুশীলন
মুখ্যমন্ত্ৰী ডাঙৰীয়া,
নমস্কাৰ গ্ৰহণ কৰিব।
যোৱা ২৭ জুলাইৰ পৰা ৩০ জুলাই,২০২৩ তাৰিখলৈ মঙ্গলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰ নামৰ বিদ্যালয়খনত ৰাষ্ট্ৰীয় বজৰংগ দল নামৰ সাম্প্ৰদায়িক সংগঠনটোৱে চলোৱা বেআইনী, সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিকাৰী কাৰ্যকলাপ, দুটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ উচতনি দিয়া বক্তব্য তথা সশস্ত্ৰ প্ৰশিক্ষণ লোৱাৰ পাছত উন্মুক্ত মৰণাস্ত্ৰ লৈ শোভাযাত্ৰা কৰা ঘটনাটো সন্দৰ্ভত আপোনালৈ এই মুকলি পত্ৰ প্ৰেৰণ কৰিছোঁ। এই ঘটনাটোৱে ৰাজ্যখনত চলি থকা ভয়ংকৰ সাম্প্ৰদায়িক পৰিস্থিতিটো সকলোৰে সন্মুখত উলংগ কৰি পেলালে। ইমানদিন আপোনাৰ, আপোনাৰ সতীৰ্থ মন্ত্ৰী কেইজনমানৰ মুখত সঘনে শুনি থকা সাম্প্ৰদায়িক বক্তব্যবোৰে সকলো গণতান্ত্ৰিক নাগৰিককে শংকিত কৰিছিল আৰু ভবাই তুলিছিল যদিও একাংশ নাগৰিকে ভাবিছিল যে এয়া ভোটৰ অংকত কৰা আপোনালোকৰ কৌশলী প্ৰচাৰ মাত্ৰ। কিন্তু মঙ্গলদৈৰ বজৰংগৰ কাৰ্য-কলাপ আৰু আপোনাৰ চৰকাৰৰ প্ৰায় উদাসীন প্ৰতিক্ৰিয়া তথা চৰকাৰৰ মন্ত্ৰী -বিধায়কৰ সেই ঘটনাৰ সমৰ্থনত প্ৰকাশ কৰা বক্তব্যই প্ৰতিজন সচেতন নাগৰিককে জোকাৰি গৈছে। সঁচাই অসমতো ভয়ানক সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰস্তুতি চলোৱা হৈছে নেকি? সঁচাকৈয়ে চৰকাৰেই ইয়াৰ পৃষ্ঠপোষকতা কৰিছে নেকি? ২০২৪ৰ লোকসভা নিৰিবাচনৰ পূৰ্বে ৰাজ্যখনত অস্থিৰতা সৃষ্টি কৰা হ’ব নেকি? মুখ্যমন্ত্ৰীৰ মুখৰ সাম্প্ৰদায়িক কথাবোৰৰ আঁৰত লুকাই আছে নেকি ৰাজ্যখনক সম্পূৰ্ণ সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজলৈ ঠেলি দি স্থায়ী ধৰ্মীয় মেৰুকৰণৰ গভীৰ চক্ৰান্ত? মুখ্যমন্ত্ৰী ডাঙৰীয়া, মঙ্গলদৈৰ সশস্ত্ৰ সাম্প্ৰদায়িক অনুশীলন আৰু সেই বিষয়ত আপোনাৰ গৃহ বিভাগ তথা পুলিচৰ কাৰ্যকলাপে মানুহক গভীৰভাৱে চিন্তিত, শংকিত আৰু বেদনাহত কৰি তুলিছে। সেয়েহে এনে এক ভয়াবহ ভৱিষ্যতৰ ইংগিত পোৱাৰ সময়ত এজন সচেতন নাগৰিক হিচাপে আৰু সতীৰ্থ বিধায়ক হিচাপে আপোনালৈ জৰুৰীভাৱে এই মুকলি চিঠিখন লিখিলোঁ।
আমি জনাত মঙ্গলদৈত সশস্ত্ৰ কাৰ্যকলাপ চলোৱা আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উচতনি দিয়া ৰাষ্ট্ৰীয় বজৰংগ দল বিজেপিৰে পোনপটীয়াকৈ যুক্ত নহয়;কিন্তু আৰএছএছ পৰিয়ালৰ সদস্য হয় বোধহয়। এই দলটোৰ মূৰব্বীজনে মাজে মাজে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধেও কথা কোৱা শুনিছোঁ। অৰ্থাৎ, আপোনাৰ দল বিজেপিৰ পোনপটীয়া সহোদৰ নোহোৱা, অৱশ্যে সংঘ পৰিয়ালৰ সদস্য হোৱা, দলটোৰ বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধেও আপুনি কঠোৰ ব্যৱস্থা ল’ব নোৱাৰাটো অতি তাৎপৰ্যপূৰ্ণ ঘটনাৰূপে পৰিগণিত হৈছে। মঙ্গলদৈৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ পাছতো যদিহে অসম চৰকাৰে এই বজৰংগৰ ওপৰত কঠোৰতম আইনী ব্যৱস্থা নলয় বা ল’বলৈ সাহস নকৰে তেন্তে চৰকাৰৰ উদ্দেশ্য স্পষ্ট হৈ পৰিব।চৰকাৰে কেৱল মুখেৰে সাম্প্ৰদায়িক উচতনি দিয়াতে সীমাৱদ্ধ নহয়, সাম্প্ৰদায়িক সংঘাত আৰু সংঘৰ্ষৰ বাবে পৃষ্ঠপোষকতা কৰা বুলিয়ে বুজিব লাগিব।
মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যখনৰ প্ৰশাসনৰ মূৰব্বী হিচাপে আৰু গৃহমন্ত্ৰীৰূপে নিশ্চয় আপুনি জানে যে মঙ্গলদৈত সংগঠনটোৰ সংগঠকে সংবাদ মাধ্যমৰ জৰিয়তে দিয়া বক্তব্য দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ লগোৱাৰ চক্ৰান্তৰে দোষগ্ৰস্ত, অবৈধ সশস্ত্ৰ কাৰ্যকলাপে আৰ্মছ এক্টকে টানি নানে, ই ৰাষ্ট্ৰবিৰোধিতাকো আমন্ত্ৰণ জনায়।সেয়ে ই এনএছএ আৰু ইউএপিএ দুয়োটাৰে আওতাত পৰে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ওপৰত এনএছএ লগাওঁতে তেওঁৰ মুক্তিৰ বাবে মই আপোনাক কৰা অনুৰোধৰ সময়ত আপুনি মোক কোৱা কথাখিনি নিশ্চয় মনত আছে।কবিতা লিখি অসমৰ জীয়ৰী জেইললৈ যাবলগীয়া হৈছে আপোনাৰ শাসন কালতে। অথচ বন্দুক লৈ সশস্ত্ৰ শোভাযাত্ৰা কৰিলেও, মুকলিকৈ বন্দুক-পিষ্টল ফুটালেও ,দেখ দেখকৈ সশস্ত্ৰ উপায়েৰে “ধৰ্মীয় শত্ৰু” নিধনৰ ভাবুকি দিলেও আপুনি ভয়ানকভাৱে শীতল! এয়া এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ আচৰণ কেনেকৈ হ’ব পাৰে?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ চৰকাৰে বিদ্যালয়ত সভা-সমিতি পতা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰতিবাদত অংশগ্ৰহণ কৰাটোকে নিষিদ্ধ কৰিছিল। এতিয়া বিদ্যালয় চৌহদত বন্দুকেই ফুটিলচোন! সশস্ত্ৰ আখৰা চলিল। এতিয়ালৈকে কঠোৰ ব্যৱস্থা লোৱা দেখা নাই। চৰকাৰৰ প্ৰতিক্ৰিয়া বৰ কুহুমীয়া দেখিছোঁ।নে চৰকাৰৰ বিৰুদ্ধে মাত মতা দল-সংগঠনসমূহৰ কাম-কাজ নিষিদ্ধ কৰি সাম্প্ৰদায়িক উন্মাদসকলক ৰাজ্যৰ আইন -শৃংখলা এৰি দিব খোজা হৈছে?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদী কাৰ্যকলাপ চলোৱা বুলি সন্দেহ কৰি অসমৰ কেইবাখনো মাদ্ৰাছা ভাঙি পেলোৱা নাছিল জানো? এতিয়া লোক চক্ষুৰ সন্মুখত অস্ত্ৰ- চালনাৰ প্ৰশিক্ষণ দিয়া মহৰ্ষি বিদ্যা মন্দিৰৰ ওপৰত কঠোৰ ব্যৱস্থা নল’লে আপুনি ৰাইজৰ সন্মুখত বৰ বেয়াকৈ ধৰা পৰি নাযাবনে? চৰকাৰ এখনৰ এই দেখ দেখ পক্ষপাতিত্বই ৰাষ্ট্ৰৰ প্ৰতি মানুহৰ ঘৃণাৰ সৃষ্টি নকৰিবনে? আপুনি চৰকাৰৰ মূৰব্বী হিচাপে ৰাষ্ট্ৰৰ প্ৰতি এনে অন্যায়ৰ সিদ্ধান্ত ল’বনে?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, দিনে ৰাতিয়ে আপুনি উন্নয়নৰ কথা কৈ কৈ এতিয়া নিৰ্বাচনত জিকাৰ বাবে চূড়ান্ত সাম্প্ৰদায়িক সংঘৰ্ষৰ পথক পৃষ্ঠপোষকতা কৰিবলগীয়া যদি হৈছে, তেন্তে সেয়া আপোনাৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে লাজ লগা বিষয় নহ’বনে?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাইজে কোৱা-কুই কৰিছে যে আপোনাৰ দৰে ৰাজনীতিকে নিজৰ সন্তানক নামী-দামী শিক্ষানুষ্ঠানত পঢ়ুৱাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত গঢ়িছে আৰু আনৰ সন্তানক সাম্প্ৰদায়িক হিংসাৰ পথলৈ ঠেলি দিছে।আপুনি সঁচাকৈ সেই অভিযোগৰ প্ৰত্যুত্তৰ কাম-কাজৰ মাজেদি দিবনে?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ হাততে এটাই পথ খোলা আছে; সেয়া হ’ল মঙ্গলদৈৰ ঘটনাৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ। উদ্যোক্তা, প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থীক গ্ৰেপ্তাৰ।বিদ্যালয়খনৰ ওপৰতো ব্যৱস্থা গ্ৰহণ।ৰাষ্ট্ৰীয় বজৰংগ দলক বেআইনী ঘোষণা কৰি নিষিদ্ধ কৰাৰ সাহস দেখুৱাব নোৱাৰিব বুলি বাৰু আমি জানো।কিন্তু এই ঘটনাত লোৱা আপোনাৰ ভূমিকাই ইতিহাসত আপোনাৰ স্থান নিৰ্ণয় কৰিব।
আশাকৰো, আপুনি অসমবাসীৰ পক্ষত ভূমিকা গ্ৰহণ কৰিব। ধন্যবাদেৰে—
অখিল গগৈ
বিধায়ক, ১০৮ নং শিৱসাগৰ সমষ্টি
সভাপতি, ৰাইজৰ দল।
২ আগষ্ট, ২০২৩চন।
Himanta Biswa Sarma
Share This