ডিজিটেল ডেস্ক : শীতৰ সুস্বাদু খাদ্য কমলা। অসমৰ বজাৰত বর্তমান কমলা উভৈনদী। দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৱর্তী অঞ্চলসমূহত উৎপাদিত কমলাৰ সমাদৰ সুকীয়া। অৱশ্যে কমলা উৎপাদনৰ স্থান হিচাপে চিহ্নিত এই ঠাইসমূহৰ কৃষকে নাপায় কৃষি বিভাগৰ সামান্য সা-সুবিধাও।
শীতৰ সুস্বাদু ফল কমলাৰ বতৰ এয়া। বর্তমান ৰাজ্যৰ বজাৰ ভৰি পৰিছে থলুৱা আৰু আমদানিকৃত কমলাৰে। আঘোণৰ বতৰত কোমল ৰ'দত বহি কমলা খোৱাৰ মাদকতাই অনন্য। বজাৰত এতিয়া প্রতিটো কমলাৰ দাম দহ টকা পর্যন্ত। কিন্তু ৰাজ্যত কমলা উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো চাহিদা অনুযায়ী উৎপাদন নহয় কমলাৰ। সেয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনা কমলাৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। দক্ষিণ কামৰূপৰ উমচুৰ, জিমিৰিগাঁও, কুণ্ডিলনগৰ বৰদুৱাৰ, ৰাজাপাৰা আদি অঞ্চল কমলা খেতিৰ বাবে উপযোগী স্থান। কিন্তু ক্রমান্বয়ে কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৱর্তী এই অঞ্চলসমূহত কমলাৰ উৎপাদন কমি আহিছে।
কৃষকে নাপায় ৰাজ্যৰ কৃষিবিভাগৰ কোনো সা-সুবিধা। চৰকাৰী ফাইলতে সীমাবদ্ধ থাকে কৃষি উন্নয়নব বিভিন্ন আঁচনি। টেকন'ল'জী মিছনৰ জৰিয়তে উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্যৰ কৃষি বিভাগে বছৰি খৰচ কৰে কোটি কোটি টকা। কিন্তু কৃষকে নাপায় ইয়াৰ সুবিধাসমূহ। সেয়ে নিজৰ সাঁচতীয়া ধনেৰেই আওপুৰণি পদ্ধতিৰে কৃষিকার্য সমাপন কৰিছে কৃষকে।
আনহাতে, ৰাজ্যৰ কৃষকে উৎপাদিত সামগ্ৰীৰ ওপৰত সঠিক মূল্য নোপোৱাৰ দৰে কমলাৰ কৃষকেও নাপায় উচিত দাম। মধ্যভোগীয়ে কৃষকৰ পৰা দহ টকা দৰত কমলা ক্ৰয় কৰি বিক্ৰী কৰে উচ্চ হাৰত। নিম্নমানৰ মূল্য আৰু কমলা গছৰ বিভিন্ন ৰোগৰ বাবে বৰ্তমান হতাশাত ভাগি পৰিছে কৃষকসকল। যাৰ ফলত গ্রাম্য অর্থনীতিত বহুল প্রভাৱ পেলাব পৰা দক্ষিণ কামৰূপৰ সুস্বাদু কমলা হয়তু ক্রমান্বয়ে নাইকীয়া হ'ব।
উৎস : প্ৰাগ নিউজ ডিজিটেল