চাহ জনগোষ্ঠীৰ ৰণহুংকাৰ, জনজাতিকৰণ, মাটিৰ পট্টা, মজুৰি বৃদ্ধিৰ দাবীৰে উত্তাল তিনিচুকীয়া

dainik janambhumi October 09, 2025

ডিজিটেল ডেস্ক : 'জয় জহাৰ', 'এছ টি দেইক লাগি', 'হামদেৰ দাবী মানেকেই লাগি', 'বিজেপি হুঁচিয়াৰ' আদি বিভিন্ন শ্ল'গানেৰে কালি উত্তাল হৈ পৰিল তিনিচুকীয়া নগৰ। জনজাতিকৰণ, চাহ শ্রমিকৰ মজুৰি বৃদ্ধি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত চাহ জনগোষ্ঠীয়ে বিশাল প্রতিবাদী সমদল উলিয়াই কালি তীব্র প্রতিবাদ সাব্যস্ত কৰে। তিনিচুকীয়াৰ আই টি আই খেলপথাৰ, শুকানপুখুৰী, তিনিকোণীয়া আদিৰ পৰা হাজাৰ হাজাৰ চাহ শ্রমিকে সমদল কৰি ৰাজপথলৈ ওলাই আহে। কেউফালৰ পৰা ন্যায্যপ্রাপ্তিৰ শ্ল'গান দি তিনিচুকীয়া নগৰৰ থানা চাৰিআলিত সমৱেত হয় প্রতিবাদকাৰীসকল। আটছা, আছা, অসম চাহ মজদুৰ সংঘ, আটোৱা, জাতীয় মহাসভা, জাতীয় মহিলা আদিৰ উদ্যোগত এই প্রতিবাদ সাব্যস্ত কৰা হয়। মুখ্যমন্ত্ৰীৰ তিনিচুকীয়া জিলা ভ্ৰমণৰ সময়তে এই বিশাল প্রতিবাদী সমদল উলিয়ায়। তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ শ্রমিকে গর্জন দি তিনিচুকীয়া নগৰৰ পৰিৱেশ উত্তপ্ত কৰি তোলে। চাহ জনগোষ্ঠী, আদিবাসীসকলক জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু ভূমি পট্টা প্ৰদান নকৰা পর্যন্ত আন্দোলন স্থবিৰ নহয় বুলি স্পষ্ট কৰি দিয়ে। এই দাবী পূৰণ নকৰা পর্যন্ত চাহ শ্রমিকসকল পিছ হুঁহকি নাযায়; তেওঁলোকে হুংকাৰ দিয়ে। 

উল্লেখযোগ্য যে পূর্বে ঘোষণা কৰা অনুসৰি কালি তিনিচুকীয়া নগৰলৈ বুলি জিলাখনৰ বিভিন্ন ঠাইৰ লগতে প্রায় ১২৫খন চাহ বাগিচাৰ পৰা নিজৰ কাম এৰি ন্যায্যপ্রাপ্তিৰ বাবে ওলাই আহি প্রতিবাদ সাব্যস্ত কৰে। ট্ৰেক্টৰ, অটো, মেজিক, বাছ, ট্রাক, বাইক, স্কুটি, চাইকেল আদি বাহনত যিয়েই যেনেকৈ পাৰে চাহ শ্রমিকসকল ওলাই আহি প্রতিবাদ সাব্যস্ত কৰে। পুৱাৰ পৰাই তিনিচুকীয়ালৈ বুলি আবাল, বৃদ্ধ, বনিতা সকলো ঢপলিয়াই আহে। ৰাইজৰ এটাই মত 'দাবী পূৰণ হ'ব লাগে।' তিনিচুকীয়া নগৰত সত্তৰ সহস্রাধিক চাহ শ্রমিক সমৱেত হৈ কালি প্রতিবাদ সাব্যস্ত কৰে। চাহ শ্রমিকসকলে জনোৱা দাবী যদিহে পূৰণ নকৰে তেন্তে বিজেপি চৰকাৰৰ প্ৰতি যুদ্ধংদেহী হৈ পৰাৰ সকীয়নি প্রদান কৰে। তিনিচুকীয়া নগৰৰ থানা চাৰিআলিত চাহ শ্রমিকসকলে সমৱেত হৈ এখন প্রতিবাদী সভা অনুষ্ঠিত কৰে। সভাত আটছাৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকে চাহ শ্রমিকসকলৰ সমস্যা সমাধানৰ প্ৰতি বিজেপি চৰকাৰে তিলমানো ব্যৱস্থা গ্রহণ নকৰা বুলি অভিযোগ কৰে। চাহ শ্রমিকে নিজৰ ন্যায্যপ্ৰাপ্তিৰ বাবে ওলাই আহিছে আৰু ইয়াৰ প্ৰতি চৰকাৰে ন্যায্যতা প্রদান কৰাৰ দায়িত্ব আছে বুলি কয়। তেওঁ চাহ শ্ৰমিকৰ ন্যায্য প্রাপ্তিৰ আন্দোলন তীব্ৰ কৰাৰো হুংকাৰ দিয়ে। আনহাতে, আছাৰ সাধাৰণ সম্পাদক দেৱেন ওৰাঙে চৰকাৰে শীঘ্ৰে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্রহণ নকৰিলে ফল ভুগিব লাগিব বুলি সকীয়াই দিয়ে। 

অসম চাহ মজদুৰ সংঘৰ নেতা, প্রাক্তন বিধায়ক ৰাজু চাহুৱে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে চাহ শ্রমিকসকলক লৈ কেৱল ৰাজনীতি কৰি আহিছে, তাৰ বাদে একো কৰা নাই। চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি কৈছিল নকৰিলে, পট্টা প্রদান কৰিম বুলি কৈছিল, প্রদান নকৰিলে, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিম বুলি কৈছিল, নকৰিলে। বিজেপিয়ে কৰিলে কি? চাহ শ্ৰমিকৰ এটা সমস্যাৰো সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। ২০২৬ৰ পূৰ্বে চাহ শ্রমিকৰ এই সমস্যা সমাধান নকৰিলে বিজেপি চৰকাৰে সঠিক প্ৰত্যুত্তৰ লাভ কৰিব বুলি শ্রমিক নেতা ৰাজু চাহুৱে উল্লেখ কৰে। আটছাৰ জিলা সভাপতি জগত নায়কে শ্রমিক বিৰোধী নীতি গ্রহণ কৰা চৰকাৰক সকীয়াই দিয়ে। চাহ শ্রমিকৰ সমস্যাৰ আন্দোলন কৰি নেতা হোৱাৰ প্ৰথা সৃষ্টি নকৰিবলৈ, টিকট লাভৰ বাবে চাহ শ্রমিকসকলক ব্যৱহাৰ নকৰিবলৈকো ছাত্র নেতাগৰাকীয়ে সকীয়াই দিয়ে। আনহাতে, শীঘ্রে জনজাতিকৰণৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে চাহ শ্রমিকৰ পট্টা প্ৰদান কৰা, শ্ৰমিকৰ মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী জনায়। এই দাবী পূৰণ নোহোৱা পর্যন্ত চাহ শ্রমিকসকলক ক্ষান্ত নহ'বলৈ ছাত্র নেতাগৰাকীয়ে আহ্বান জনায়। 

সভাত আটছাৰ জিলা সাধাৰণ সম্পাদক অনুজ তাঁতী, জাতীয় মহাসভাৰ বাবলু কুলদ্বীপ, ছাত্র নেতা এলবার্ট উৰিয়া, জার্নেল মিনজ, অসম চাহ মজদুৰ সংঘৰ ডুমডুমা চাৰ্কলৰ সম্পাদক ৰাহুল তাঁতী আদি নেতাসকলে ভাষণ দিয়ে। কালিৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীলৈ এখন দাবীসম্বলিত স্মাৰক-পত্ৰ জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে। অসম চাহ মজদুৰ সংঘৰ হৈ ৰাজু চাহুৱে প্ৰতিবাদী কাৰ্যসূচী সফল কৰাত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্রহণ কৰা হাজাৰ হাজাৰ শ্ৰমিক ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। প্রণিধানাযোগ্য যে, চাহ শ্রমিকসকলৰ প্ৰতিবাদৰ ফলত  পুৱাৰ পৰা নগৰখনত দোকান-পোহাৰ বন্ধ হৈ পৰে। আনহাতে, ৰাজপথত যান-বাহনৰ চলাচল সীমিত হৈ পৰাও দেখা যায়।

Share This