কলবাৰীৰ ৰামচৰণ ঠাকুৰ আতা সত্ৰত পালনাম মহোৎসৱৰ সামৰণি, পাঁচ সহস্রাধিক লোকে পৰিৱেশন কৰিলে শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট 'বীৰনাম'

dainik janambhumi May 05, 2026

ডিজিটেল ডেস্ক : ভৱানীপুৰৰ নিকটৱৰ্তী মহাপুৰুষ ঐতিহ্যমণ্ডিত কলবাৰী গাঁৱৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত তিনিদিনীয়া বর্ণাঢ্য কার্যক্রমণিকাৰে উদযাপিত পালনাম মহোৎসৱৰ পৰহি সামৰণি পৰে। পুৱাৰ ভাগত সত্ৰৰ মজিয়াত গুৰু আসনৰ সন্মুখত ভকতৰ প্রসংগ কার্যক্রমণিকা ৰূপায়ণৰ পাছতে অনুষ্ঠিত বীৰনাম সমাৰোহ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্রী নর্মদা তালুকদাৰে। 

বীৰনাম সমাৰোহত গুৱাগাছা সত্ৰৰ অধিকাৰ টিকেন্দ্ৰজিৎ অধিকাৰীয়ে মুখ্য অতিথিৰূপে ধৰ্ম সংস্কৃতিৰ বিষয়ত বক্তৃতা দাঙি ধৰাৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সাংবাদিক ভৱেশ মেধি, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্রীয়া শিল্পী বিপুল ওজাই সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে। সাংস্কৃতিক কর্মী মৃদুল তালুকদাৰ আৰু মিতালী দাসে আঁত ধৰা বীৰনাম সমাৰোহত কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা মহিলা থিয়নাম দল, কলবাৰী বীৰনাম এন জি অ', কলবাৰী বীৰনাম সত্ৰীয়া কলা কেন্দ্ৰ আৰু কলবাৰী বীৰনাম সাংস্কৃতিক সংঘৰ শিল্পীবৃন্দই শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট অনুপম সংস্কৃতি 'বীৰনাম' পৰিৱেশন কৰে। 

উল্লেখযোগ্য যে দিনৰ চাৰি বজালৈ অনুষ্ঠিত সাত ঘণ্টীয়া বীৰনাম সমাৰোহ উপভোগ কৰিবলৈ পুৱাৰে পৰা অগণন লোকেৰে ভৰি পৰা বীৰনাম সমাৰোহথলী লোকাৰণ্য হৈ পৰে। পাঁচ সহস্রাধিক বীৰনামৰ শিল্পী আৰু ৰাইজে সম্মিলিতভাৱে পৰিৱেশন কৰা বীৰনামৰ সুৰৰ ধ্বনি, নাগাৰা, ভোৰতালৰ ধ্বনিৰে মুখৰিত হৈ পৰে বীৰনাম সমাৰোহথলী। বীৰনামৰ শিল্পী, সত্ৰীয়া শিল্পী, ৰাইজৰ উপস্থিতিত এক মহামিলনৰ ক্ষেত্ৰত আৰু অবিৰত হৰিনাম কীর্তনেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পালনাম মহোৎসৱৰ বীৰনাম সমাৰোহথলী। 

নিশা অনুষ্ঠিত বীৰনাম সমাৰোহ উদ্বোধন কৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে। বীৰনাম সমাৰোহত গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ টেঙাবাৰীৰ শংকৰ-মাধৱ আঞ্চলিক বীৰনাম দল আৰু বৰপেটাৰ সমন্বয় শিল্পী সমাজৰ শিল্পীসকলে 'বীৰনাম' পৰিৱেশন কৰে।

Share This