ডিজিটেল ডেস্ক: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদক্ষেত্ৰৰ অন্যতম মহীৰূহ আছাম ট্রিবিউন গ্ৰুপৰ মুৰব্বী প্রফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্রী অমিত শ্বাহ, ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড কে চাংমা, কেন্দ্রীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গে, প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি বিভিন্ন ব্যক্তি আৰু দল-সংগঠনে গভীৰ শোক প্রকাশ কৰিছে।
তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সামাজিক মাধ্যমযোগে এক শোকবার্তাত কয়, 'অসমৰ প্ৰগতিৰ লগতে ৰাজ্যৰ সংস্কৃতিক জনপ্রিয় কৰি তোলাৰ ক্ষেত্ৰত প্রয়াত বৰুৱা উৎসাহী আছিল।' প্রবীণ সাংবাদিকগৰাকীৰ পৰিয়াল আৰু গুণমুগ্ধসকলক সমবেদনাও জনায় দেশৰ প্রধানমন্ত্রী মোদীয়ে। প্রয়াত বৰুৱাই সংবাদ ক্ষেত্রলৈ আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ ৰ'ব বুলিও তেওঁ কয়।
দেশৰ গৃহ মন্ত্রী অমিত শ্বাহে আছাম ট্রিবিউনৰ পৰিচালন সঞ্চালক তথা সম্পাদক পি জি বৰুৱাৰ মৃত্যুত ব্যথিত হোৱা বুলি উল্লেখ কৰি কয় যে তেওঁ সাংবাদিকতাৰ জৰিয়তে বিষয়সমূহ সাধাৰণ মানুহৰ ওচৰলৈ যোৱাটো সুনিশ্চিত কৰা আৰু অসমৰ সংস্কৃতিৰ প্ৰচাৰত অগ্রণী ভূমিকা পালন কৰাৰ দিশত লোৱা প্রচেষ্টাই সকলোকে অনুপ্রাণিত কৰি থাকিব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি প্ৰয়াত বৰুৱাৰ জীৱনজোৰা অৱদানে ৰাজ্যৰ সংবাদক্ষেত্ৰলৈ বৃহৎ পৰিৱৰ্তন অনা বুলি কয়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি অসমৰ সমাজলৈ তেওঁ আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ ৰ'ব বুলি কয়। এ আই চি চিৰ সভাপতি মল্লিকার্জুন খর্গেই পি জি বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যুৱে ভাৰতীয় সংবাদ জগতৰ এটা যুগৰ অৱসান ঘটালে বুলি কয়। তেওঁ প্রয়াত বৰুৱাৰ নিৰপেক্ষ সাংবাদিকতাৰ শলাগো লয়। কেন্দ্রীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি দেশৰ সংবাদ জগতত তেওঁক এটা উজ্জ্বল নক্ষত্র আখ্যা দিয়ে। লগতে তেওঁ সমুজ্জ্বল হৈ থাকিব বুলিও কয়।
অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি কয় যে প্রফুল্ল গোবিন্দ বৰুৱাৰ দবে সচেতন আৰু দায়বদ্ধ এজন জ্যেষ্ঠ সাংবাদিক হেৰাই যোৱাটো জাতিটোৰ বাবে দুখৰ খবৰ। তেওঁৰ মৃত্যুত এগৰাকী আদর্শৱান সাংবাদিক নোহোৱা হৈ গ'ল যদিও যশ আৰু খ্যাতিয়ে অসম তথা দেশৰ ইতিহাসত তেখেতৰ নাম সোণালী আখৰেৰে জিলিকি থাকিব বুলি গগৈয়ে কয়। মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই প্রফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁ ভাৰতীয় সংবাদক্ষেত্ৰৰ বিশাল ব্যক্তিত্ব আছিল বুলি কয়।
বিশিষ্ট সাংবাদিক, পদ্মশ্রী প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশর মহন্ত, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, আপকু, সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাস, সদৌ অসম সম্মিলিত শিক্ষক মঞ্চকে ধৰি বিভিন্ন ব্যক্তি আৰু সংগঠনে গভীৰ শোক প্রকাশ কৰে।