হাজোৰ পাকিস্তানী সমৰ্থক চামচুল হকক মহানগৰীত গ্ৰেপ্তাৰ

Rashmi April 29, 2025

ডিজিটেল ডেস্কঃ পহলগাম নাৰকীয় হত্যালীলাৰ পাছত ছ’চিয়েল মিডিয়াত দেশবিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে। এই অভিযানত দেশৰ ভিতৰতে সৰ্বাধিক দেশদ্রোহী ওলাইছে অসমত। 

পুনৰ অসমৰ এজন পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। মহানগৰীৰ হাতীগাঁৱত হাজো আৰক্ষীয়ে চলাইছিল অভিযান।

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান।

এই অভিযানতে গ্ৰেপ্তাৰ হ’ল এটা পাকিস্তানী সমৰ্থক। গ্ৰেপ্তাৰ হোৱা পাকিস্তানী সমৰ্থকটোৰ নাম চামচুল হক।

পাকিস্তানৰ সমৰ্থনত আওপকীয়াকৈ ফেচবুকত হিন্দু বিৰোধী মন্তব্য কৰিছিল চামচুলে।

ধৃত চামচুল হকৰ ঘৰ হাজোৰ শনিয়াদিৰ মেল্কী পাৰাত। বৰ্তমান হাজো আৰক্ষীৰ জিম্মাত আছে পাকিস্তানী সমৰ্থক চামচুল হক।

উল্লেখ্য যে ছ’চিয়েল মিডিয়াত দেশবিৰোধী মন্তব্য কৰাৰ বাবে সমগ্র দেশত মুঠ ৩০জন লোকক গ্রেপ্তাৰ কৰা হৈছে। লক্ষণীয়ভাৱে ইয়াৰে ১৮জনেই অসমৰ। 

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পাকিস্তানৰ সপক্ষে বা ভাৰতৰ বিৰুদ্ধে মন্তব্য দিয়া লোকৰ মুখলৈ নোচোৱাকৈ গ্রেপ্তাৰ কৰা হ’ব বুলি ইতিমধ্যেই প্ৰকাশ কৰিছে। তেওঁ কয় যে এনে মন্তব্য দিয়া লোকসকল হিন্দুৱেই হওক বা মুছলমান, কাকো ৰেহাই দিয়া নহ’ব।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This