পঞ্চায়ত নির্বাচনতো দুখন হেলিকপ্টাৰ উৰুৱাব বিজেপিয়ে

dainik janambhumi April 13, 2025

ডিজিটেল ডেস্ক : পঞ্চায়ত নির্বাচনৰ প্ৰচাৰতো হেলিকপ্টাৰ উৰুৱাব বিজেপিয়ে। শাসকীয় দলটোৱে নিৰ্বাচনী প্ৰচাৰত দুখনকৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিব। ইয়াৰে এখন হেলিকপ্টাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু আনখন ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াসহ আন আন ষ্টাৰ কেম্পেইনাৰসকলে ব্যৱহাৰ কৰিব। মুখ্যমন্ত্ৰীয়ে সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্রতিদিনেই দুই-তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূর্বে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নির্বাচনক বিজেপিয়ে ছেমি ফাইনেল হিচাপে গণ্য কৰিছে। সেই অনুসৰি ইতিমধ্যে নির্বাচনী প্রস্তুতি সম্পূর্ণ কৰি তুলিছে দলটোৱে। 

মনোনয়ন-পত্র দাখিলৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আগত দিনকেইটাৰ কাৰ্যক্ৰম ত্বৰান্বিত কৰিবলৈ শনিবাৰে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু দলৰ শীৰ্ষ নেতৃত্বই কেইবাখনো প্রস্তুতি আৰু পৰ্যালোচনা বৈঠকত মিলিত হয়। আজিৰ বৈঠকত ইতিমধ্যে সম্পূৰ্ণ হোৱা কাম-কাজৰ পুংখানুপুংখ পর্যালোচনা কৰাৰ লগতে আগত দিনৰ কৰ্মসূচীৰ প্ৰস্তুতিৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হয়। শনিবাৰৰ এই মাৰাথন বৈঠকত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, পঞ্চায়ত নির্বাচন প্রবন্ধন কমিটীৰ আহ্বায়ক, জ্যেষ্ঠ কেবিনেট মন্ত্রী ক্রমে পীযূষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাধাৰণ সম্পাদক পল্লৱলোচন দাস আদিয়ে অংশগ্ৰহণ কৰে। ইফালে, কালি পুৱাৰ ভাগত দলৰ সামাজিক মাধ্যম কোষৰ বিষয়ববীয়াৰ লগতে দায়িত্বপ্রাপ্ত কাৰ্যকৰ্তাসকলৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত সামাজিক মাধ্যমৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে পঞ্চায়ত নির্বাচনত পালন কৰিবলগীয়া দায়িত্ব সম্পর্কে সভাপতি দিলীপ শইকীয়াসহ উপস্থিত নেতৃবর্গই দিক নির্দেশনা প্রদান কৰে। 

দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হয় নির্বাচন প্ৰবন্ধন কমিটীৰ বৈঠক। এই বৈঠকত নির্বাচন প্রবন্ধন উপ-সমিতিৰ বিষয়ববীয়াসকলৰ লগতে দায়িত্বপ্রাপ্ত কাৰ্যকৰ্তাসকলৰ লগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অগ্রগতি সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰা হয়। মন কৰিব লগীয়া কথা যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলৰ ভিতৰত ৪০ শতাংশ প্রার্থীয়েই হ'ল ৪৫ বছৰৰ অনূর্ধ্বৰ। ৫০ বছৰ বয়সৰ ভিতৰত থকা সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা প্রায় ৬০ শতাংশ। ৰাজ্যখনৰ সৰ্বমুঠ ৩৯৭টা জিলা পৰিষদৰ পদৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ সংখ্যা ৩২৫ আৰু বাকী ৭২টা পদৰ প্ৰাৰ্থী মিত্ৰ দল অসম গণ পৰিষদৰ, ৬গৰাকী প্রার্থী গণশক্তি দলৰ আৰু ৫গৰাকী প্রার্থী ৰাভা হাছং যৌথ মঞ্চৰ। উল্লেখযোগ্য যে বিজেপিয়ে প্রার্থিত্ব প্রদান কৰা ৩২৫গৰাকী প্ৰাৰ্থীৰ ১৭৮গৰাকীয়েই মহিলা প্রার্থী। পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ১৪৭। ইয়াৰে ভিতৰত ৫০গৰাকী অনুসূচিত জাতি, ৪৪গৰাকী অনুসূচিত জনজাতি, ১২৯গৰাকী অন্যান্য পিছপৰা জাতিৰ। সাধাৰণ জাতিৰ প্ৰাৰ্থীৰ সংখ্যা হৈছে ১০২। ইয়াৰ মাজত ৩৯গৰাকী ইছলাম ধর্মীয় লোককো প্রার্থিত্ব প্ৰদান কৰা হৈছে। ইফালে কালি ৰাজ্যিক বিজেপিয়ে পঞ্চায়ত নির্বাচন প্ৰবন্ধন কমিটীৰ জিলা তত্ত্বাৱধায়কৰ দায়িত্ব অপৰ্ণ কৰিছে। সেই অনুসৰি মন্ত্ৰী পীযূষ হাজৰিকাক নগাঁও আৰু হোজাই জিলাৰ, সাংসদ বিজুলী কলিতা মেধিক গোৱালপাৰা আৰু বৰপেটাৰ, প্ৰদান বৰুৱাক লখিমপুৰ, ধেমাজিৰ, কৃপানাথ মল্লাক কাছাৰ, শ্রীভূমি আৰু হাইলাকান্দিৰ, দিপ্পু ৰঞ্জন শৰ্মাক কলিয়াবৰ, গোলাঘাটৰ, নৱ কুমাৰ দলেক মাজুলী, ঢকুৱাখনাৰ, অশোক ভট্টৰায়ক গুৱাহাটীৰ, জয়ন্ত কুমাৰ দাসক দক্ষিণ কামৰূপ, মৰিগাঁৱৰ, পল্লৱ লোচন দাসক শোণিতপুৰ, বিশ্বনাথৰ, পুলক গোহাঁইক শিৱসাগৰ, চৰাইদেউৰ, মৃগেন শৰণীয়াক ধুবুৰী, দক্ষিণ শালমাৰা, বিলাসীপাৰা, মনোজ বৰুৱাক বজালী, নলবাৰীৰ, মৃগংগ দেৱ বৰ্মনক যোৰহাট, আঙুৰলতা ডেকাক উত্তৰ কামৰূপ, নাৰায়ণ ডেকাক বঙাইগাঁও, অমিতাভ শইকীয়াক দৰং আৰু লক্ষ্য কোঁৱৰক ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ দায়িত্ব দিয়া হৈছে।

Share This