পঞ্চায়ত নিৰ্বাচনত কিমানে দাখিল কৰিলে মনোনয়ন ? চূড়ান্ত প্ৰাৰ্থী তালিকালৈ অপেক্ষা ৰাজ্যৰ জনতা

Rashmi April 12, 2025

ডিজিটেল ডেস্ক : সমাগত পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে সম্পন্ন হৈছে পঞ্চায়ত নিৰ্বাচনৰ মনোয়ন-পত্ৰ দাখিলৰ পৰ্ব।  মনোয়ন-পত্ৰ দাখিলৰ পৰ্ব শেষ হোৱাৰ পাছত এতিয়া চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশলৈ বাট চাই আছে ৰাজ্যৰ জনতাই।

আনহাতে অহা ১৭ এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰ কৰা আৰু প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ দিন ধাৰ্য কৰা হৈছে । ৰাজ্যিক নির্বাচন আয়োগৰ শেহতীয়া তথ্য মতে, পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ৭০৫৪ খন মনোনয়ন-পত্ৰ দাখিল হৈছে । পঞ্চায়ত নিৰ্বাচনৰ বাবে মহিলাই সৰ্বাধিক মনোনয়ন-পত্ৰ দাখিল কৰিছে । ইফালে তালিকা চূড়ান্ত কৰাৰ পাছতে  আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান ।

উল্লেখযোগ্য যে উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ ১৪খন জিলাত ২ মে'ত আৰু মধ্য আৰু নামনি অসমৰ ১৩খন জিলাত ৭ মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্রহণ। লগতে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব অহা ১১মে'ত। পঞ্চায়ত নিৰ্বাচনৰ দুয়োটা দিনতে ৰাজহুৱা বন্ধৰ ঘোষণা কৰা হৈছে ।

Share This