পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে ফ'নযোগে নিমন্ত্রণ কৰা বুলি প্ৰচাৰ চলাই বিপদত পংকজ পাঠক

dainik janambhumi July 04, 2025

ডিজিটেল ডেস্কঃ বিতর্কই লগ এৰা নাই স্বয়ম্ভু আচার্য পংকজ পাঠকক। নিজে পতা জালত নিজেই বন্দী হৈছে বহুজনৰ বাবে গুৰু হৈ পৰা পংকজ পাঠক। তপা মূৰত চুলি গজাবলৈ গৈ কালি গোৱালপাৰাত ৰাজহুৱা স্থানত আঁঠু কাঢ়ি, কাণত ধৰি স্বীকাৰোক্তি দিবলগীয়া হোৱা বনৌষধৰ গৱেষকজনে অসমত নিৰাপত্তাহীনতাত ভোগাৰ কথা সামাজিক মাধ্যমত উল্লেখ কৰিছে।

নিজ ৰাজ্যত নিৰাপত্তাহীনতাত ভুগিছে যদিও পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে পশ্চিম বংগত নিৰাপত্তাৰ ব্যৱস্থা দি তপামূৰত চুলি গজোৱাৰ অভিযান চলাবলৈ আমন্ত্রণ জনোৱাৰ কথা আচার্য পাঠকে সামাজিক মাধ্যমৰ লগতে আজি কোকৰাঝাৰত প্ৰচাৰ চলাইছে। মমতা বেনাৰ্জীৰ নাম লৈ পংকজ পাঠকে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটীয়ে। মমতা বেনাৰ্জীয়ে ফ'ন কৰা বুলি ভুৱা প্ৰচাৰ চলোৱা পংকজ আচাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধানক স্মাৰক-পত্ৰ প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক উপ-সভাপতি দুলু আহমেদে। আহমেদে এটা বিবৃতিত কয় যে পংকজ পাঠকে পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে তেখেতক ফ'ন কৰা বুলি কৰা মন্তব্য ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত প্রকাশ পাইছে। কিন্তু পংকজ পাঠকক মমতা বেনার্জীয়ে নিশা ১২-৩০ বজাত ব্যক্তিগতভাৱে ফ'ন কৰাৰ কথা সত্য নহয় বুলি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক অৱগত কৰিছে। দুলু আহমেদে এনেধৰণৰ ভুৱা তথ্য, মন্তব্যৰে ৰাজ্যবাসীক বিপথে পৰিচালিত নকৰিবলৈ আৰু মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ নাম ব্যৱহাৰ নকৰিবলৈ পংকজ পাঠকক সকীয়াই দিয়ে।

অসমৰ আৰক্ষী প্ৰশাসনক এনেধৰণৰ ভুৱা মন্তব্য প্রদানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণৰো আহ্বান জনাইছে। লগতে কালি গোৱালপাৰা জিলাত সংঘটিত লজ্জাজনক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম প্রদেশ তৃণমূল কংগ্ৰেছে। অসমৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসমৰ জনসাধাৰণক সুৰক্ষা দিয়াত বাৰম্বাৰ ব্যৰ্থ হোৱাৰ বাবেও ক্ষোভ প্রকাশ কৰে দুলু আহমেদে।

Share This