মানসিক অশান্তি, ৰাজহুৱা সভাৰ পৰা আঁতৰি থাকিব পংকজ পাঠক

dainik janambhumi July 06, 2025

ডিজিটেল ডেস্ক : অৱশেষত হাত দাঙিলে বিতর্কিত আচার্য পংকজ পাঠকে। টপা লোকৰ মূৰত চুলি গজোৱা বন ঔষধ দি ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা পাঠকে লাখ লাখ টপা লোকক আশাহত কৰি ঘোষণা কৰিলে যে তেওঁ সকলো প্ৰকাৰৰ ৰাজহুৱা সভাৰ পৰা কিছুদিন দূৰত থাকিব। 

ছ'চিয়েল মিডিয়াযোগে পাঠকে কয়, 'তীব্র মানসিক অশান্তিত ভুগিছোঁ। ৰাজহুৱা সভা কৰিবলৈ মোৰ শক্তি নোহোৱা হৈ গৈছে। সেয়েহে আগন্তুক সকলো প্ৰকাৰৰ ৰাজহুৱা সভাৰ পৰা কিছুদিন দূৰত থাকি গুৰুৰ ওচৰত আশ্রয় ল'ম বুলি ভাবিছোঁ। আপোনালোকে হয়তো মোৰ মানসিক অৱস্থাটোৰ কথা বুজি পাব। বহুত সোনকালে আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিম।' ইফালে পংকজ পাঠকৰ সন্দৰ্ভত শনিবাৰে মন্তব্য কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো। 

শেহতীয়াকৈ গোৱালপাৰাত হতাহতিত লিপ্ত হৈ কাণত ধৰি আঁঠু কাঢ়িব লগীয়া হোৱা পাঠকক কটাক্ষ্য কৰি শনিবাৰে মুখ্যমন্ত্রীয়ে কয়, 'সঁচাই যদি চুলি আহে পংকজ পাঠকে নোবেল বঁটা পাব। মোক মূৰৰ পাছফালেও চুলি নাই তেওঁৰ ঔষধ লগাই চাব লাগিব। তেওঁৰ কথাবোৰ সত্য নে মিছা আমি লাহে লাহে দেখা পাই থাকিম। যদি সঁচাই আহে তেনেহ'লে এয়া অসমৰ বাবে বৃহৎ কৃতিত্ব হ'ব।'

Share This