পৰেশ অসম আলফা (স্বাঃ)ৰ নতুন সভাপতি, মাইকেল অসমক উপ-সভাপতি, মৈত্রী অসমক সম্পাদকৰ দায়িত্ব

dainik janambhumi December 27, 2025

ডিজিটেল ডেস্ক: আলফা স্বাধীনত বিগত সময়ছোৱাত ভালেকেইটা বিপৰ্যয় পাৰ হৈযোৱাৰ পাছত সংগঠনটোৰ
সাংগঠনিক দিশত ব্যাপক সালসলনি কৰিছে। প্রায় ভাঙোনমুখী এটা পৰিৱেশ বিৰাজ কৰাৰ সময়তে সংগঠনটো পুনৰ সক্ৰিয় কৰি তুলিবলৈ সভাপতি পৰেশ অসমৰ নেতৃত্বত গভীৰ পৰ্যালোচনা কৰি আহিছে। সাম্প্রতিক প্রেক্ষাপটত সকলো দিশ পৰ্যালোচনাৰ অন্তত অত্যন্ত প্রয়োজনীয় আৰু প্ৰাসংগিক বুলি বিবেচনা কৰি সংগঠনৰ উচ্চতম, উচ্চ আৰু নিম্ন পৰিষদ কেউখন ভংগ কৰি আন এটা নতুন অৱকাঠামো অন্তর্ভুক্তিৰে সংগঠনৰ কেন্দ্ৰীয় সমিতিখন সর্বসন্মতিক্রমে পুনৰ গঠন কৰিছে। এই কথা কালি এটা বিবৃতিযোগে জানিবলৈ দিছে। 

এতিয়াৰে পৰা আলফা স্বাধীনত এখন কেন্দ্রীয় সমিতিয়ে সকলো দিশ পৰিচালনা কৰিব। নৱগঠিত কেন্দ্ৰীয় সমিতিখনত সভাপতিৰ দায়িত্ব পৰেশ অসমে লোৱাৰ লগতে মাইকেল অসমক উপ-সভাপতিৰ দায়িত্ব প্রদান কৰিছে। সাধাৰণ সম্পাদকৰ দৰে গধুৰ দায়িত্বশীল পদত মৈত্রী অসমক ন্যস্ত কৰিছে। আলফা স্বাধীনে কালি প্রকাশ কৰা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল ক্রমে পৰমা অসম (সাংস্কৃতিক সম্পাদক), ব্রিগেডিয়াৰ মানিক অসম (সহকাৰী বিত্ত সম্পাদক), কর্নেল মিনতি অসম (মহিলা কল্যাণ সম্পাদিকা), মিল্টন অসম (সাংগঠনিক সম্পাদক), লেঃ কর্নেল চিদা অসম (কৃষি আৰু আশ্রয়স্থল উন্নয়ন সম্পাদক), লেঃ কর্নেল ৰিবেল অসম (পৰিষদীয় উন্নয়ন সম্পাদক), কর্নেল প্রবুদ্ধ অসম (সম্পাদক জনস্বাস্থ্য আৰু সহঃ বৈদেশিক সম্পাদক, বিশেষ ক্ষেত্র), মেজৰ অভিমন্যু অসম (সহকাৰী বিত্ত সম্পাদক), মেজৰ ছানছান অসম (সহকাৰী সাংস্কৃতিক সম্পাদিকা), মেজৰ নিৰ্ণয় অসম (ভাৰপ্ৰাপ্ত প্ৰচাৰ সম্পাদক আৰু সহঃ বিত্ত সম্পাদক), কেপ্টেইন নির্জন অসম (সহকাৰী সাংগঠনিক সম্পাদক), কেপ্টেইন সোণটি অসম (সহকাৰী সাধাৰণ সম্পাদক), কেপ্টেইন অচ্যুৎ অসম (সহকাৰী সাধাৰণ সম্পাদক), লেঃ চয়ন অসম (সহকাৰী বিত্ত সম্পাদক), ২য় লেঃ চাইনা অসম (কৃষি আৰু আশ্রয়স্থল উন্নয়ন সম্পাদক), ২য় লেঃ তগৰ অসম (হিচাপ পৰীক্ষক সম্পাদক, বিত্ত বিভাগ), ২য় লেঃ আস্থা অসম (সহকাৰী সাংগঠনিক সম্পাদিকা), ২য় লেঃ যোগ্য অসম (সহকাৰী সাংস্কৃতিক আৰু সহঃ বিত্ত সম্পাদক), ২য় লেঃ অনন্ত অসম (সহকাৰী সাংস্কৃতিক সম্পাদক), ২য় লেঃ অনুৰণন অসম (সহকাৰী প্ৰচাৰ সম্পাদক) আৰু পিটিই, শিখা অসম (সহকাৰী মহিলা কল্যাণ সম্পাদিকা)। 

উল্লেখ্য যে আলফা স্বাধীনৰ শিবিৰত ড্ৰ'ন আক্ৰমণৰ ঘটনাৰ পাছৰে পৰা সংগঠনৰ মজিয়াত এক উদ্বিগ্ন পৰিৱেশৰ সৃষ্টি হৈ আহিছে। ইয়াৰ মাজতে সংগঠনটোৰ জ্যেষ্ঠ তথা পৰেশ অসমৰ একেবাৰে ঘনিষ্ঠ আৰু সংগঠনৰ সাধাৰণ সম্পাদকৰ দৰে পদত থকা অৰুণোদয় অসমে আত্মসমর্পণ কৰা বিষয়টোৱে আমি সংগঠনটোক জোকাৰি যায়। চলিত বৰ্ষটোৰ শেষৰ ফালে ছেপ্টেম্বৰ মাহত এজন জ্যেষ্ঠ কমাণ্ডাৰ মৃগাংক অসমে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। ইয়াৰ পাছতে নৱেম্বৰ মাহত বিকাশ মহন্ত নামৰ আন এজন সদস্যই আত্মসমর্পণ কৰে। সংগঠনটোৰ শিবিৰৰ পৰা পলাই আহি আত্মসমর্পণ কৰা বিষয়টো বিশেষ তাৎপর্য বহন কৰে। কিয়নো সংগঠনটোৰ প্ৰতি একাংশ সদস্যৰ মোহভংগ ঘটা বুলিও জানিব পৰা গৈছে। যাৰ বাবে একালৰ কেম্প কমাণ্ডাৰ বন অসমে লগত অস্তিত্ব অসমক লগত লৈ ম্যানমাৰ শিবিৰৰ পৰা পলাই আহি ডিচেম্বৰ মাহত আত্মসমর্পণ কৰে। কিন্তু আটাইতকৈ মোক্ষম আঘাত হানি অৰুণোদয় অসমে লগত ফেন্সিচ অসমক লৈ সংগঠন ত্যাগ কৰি আত্মসমর্পণ কৰাৰ পাছত সংগঠনটোত যে ভিতৰি একুৰা জুই জ্বলিছে সেয়া সকলোৱে অনুধাৱন কৰিব পাৰে। সেয়ে হয়তো সংগঠনৰ সকলো চাবিকাঠী নিজৰ হাতত ৰাখি সভাপতিগৰাকীয়ে পূৰ্বৰ আটাইকেইটা পৰিষদ ভাঙি মাত্ৰ কেন্দ্ৰীয় সমিতিৰ নামেৰে এটা মুখ্য পৰিচালনা সমিতি গঠন কৰিছে। 

আনহাতে বিশেষ সূত্রে জানিব পৰা মতে আত্মসমর্পণ কৰা আলফা সদস্যসকলে সংগঠনৰ মজিয়াৰ পৰা ওলাই গৈ সংগঠনৰ ভিতৰুৱা বহু তথ্য চৰকাৰক প্ৰদান কৰাৰ কথা জানিব পাৰি শেহতীয়াকৈ এনে কূটকৌশল ৰচনা কৰা হৈছে। এই নৱগঠিত কেন্দ্রীয় সমিতিত বহু নতুন নাম অন্তর্ভুক্তি হৈছে। সেই লৈয়ো বহু প্রশ্ন উত্থাপন হৈছে। নতুন নামেৰে নতুন ব্যক্তি নে পুৰণি ব্যক্তিক নতুন নাম প্ৰদান কৰা হৈছে সেয়াও ৰহস্যৰ বিষয়।

Share This