ডিজিটেল ডেস্ক: সাংবাদিকসকলৰ ন্যায্য প্রাপ্তিৰ বাবে প্ৰণয়ন কৰা ৱৰ্কিং জার্নেলিষ্ট এক্ট ১৯৫৫ আইনখন কেন্দ্রীয় চৰকাৰে বাতিল কৰাত ভাৰতীয় বাৰ্তাজীৱী মহাসংঘই তীব্র প্রতিবাদ জনাইছে। উক্ত আইন বাতিল কৰি চৰকাৰে শ্ৰম সংহিতা ২০১৯ আনিছে। যাৰ ফলত সাংবাদিকসকলক কোম্পানীৰ শ্রমিক শ্ৰেণীৰ দৰেই একে সুবিধা প্রদান কৰাত সাংবাদিকসকলৰ বিশেষ মর্যাদা হ্রাস কৰিব।
গুৱাহাটীৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ-সন্মিলন কেন্দ্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ্যখনৰ অন্যতম সাংবাদিক সংগঠন অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তীৰ সামৰণী সমাৰোহৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ প্ৰধান সচিব তথা দেশৰ বিশিষ্ট সাংবাদিক পৰমানন্দ পাণ্ডেই এইদৰে কয়। অসম বার্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাত তেওঁ আৰু কয় যে উক্ত আইনখন জৱাহৰলাল নেহৰু প্রধানমন্ত্রিত্বৰ দিনতে সংসদত বিতংভাৱে আলোচনা কৰি গ্রহণ কৰিছিল। এক্টখনৰ ওপৰত আলোচনা কৰা সময়ত একাংশই ইয়াৰ বিৰোধিতা কৰিছিল যদিও সাংবাদিকসকলৰ সুৰক্ষিত ভৱিষ্যতব বাবে ইয়াৰ তীব্র প্রতিবাদ কৰা হৈছিল। আনহাতে, ইণ্ডিয়ান ফেডাৰেশ্যন অব্ ৱর্কিং জার্নেলিষ্টৰ লগত অসম বার্তাজীৱী সংঘৰ নিবিড় সম্পর্ক আছে আৰু সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তিৰ বাবে সংঘই বিভিন্ন কার্যসূচী ৰূপায়ণ কৰি আহিছে বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ সমস্যা সন্দৰ্ভত
তেওঁ কয় যে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সমস্যা বিশেষভাৱে দেখা নিদিলেও ছ'চিয়েল মিডিয়াৰ সমস্যা আছে। ডিজিটেল মিডিয়াৰ সমস্যা সমাধানত অসম বার্তাজীৱী সংঘই বিশেষ ভূমিকা গ্রহণ কৰিব লাগিব। সাম্প্রতিক সময়ত ছপা মাধ্যমৰ কাম শেষ হৈ আহিছে বুলি মন্তব্য কবি তেওঁ আজিকালি বাতৰিকাকতখন ম'বাইলতে পঢ়িব পৰা হৈছে যদিও বাতৰিকাকত পঢ়াৰ যি আমেজ সেয়া বেলেগত পোরা নাযায় বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে সোণালী জয়ন্তীৰ সামৰণী সমাৰোহ উপলক্ষে অঞ্জন কুমাৰ শৰ্মাৰ সম্পাদনাত প্রকাশ পোৱা 'বার্তাজীৱী' শীর্ষক স্মৃতিগ্রন্থখন তেওঁ উন্মোচন কৰে। অসম বার্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শর্মাই আঁত ধৰা সভাখন উদ্বোধন কৰি অসমীয়া প্রতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে কয় যে যিখন সমাজত সাংবাদিক সক্রিয় সেইখন সমাজো সদায় সক্রিয়। সমাজ সংস্কাৰত সাংবাদিকসকলৰ গুৰু দায়িত্ব আছে। সাম্প্রতিক সময়ত একাংশ সাংবাদিক বিপথগামী হোৱাৰ সময়ত আন একাংশ ভাল সাংবাদিকলৈ জনসাধাৰণে আঙুলি টোঁৱাবলৈ সুবিধা পাইছে। দায়িত্ব আৰু অধিকাৰে সদায় হাতত হাত ধৰি চলে বুলি উল্লেখ কৰি উদ্বোধকগৰাকীয়ে। কয় যে সাংবাদিকসকলে বাতৰি সংগ্ৰহৰ স্বাধীনতা লাভ কৰে আৰু তেনে বাতৰিয়ে সমাজত কেনে প্রভাৱ পেলাই সেয়া সাংবাদিকগবাকীৰ সততাৰ ওপৰত নিৰ্ভৰ কৰে।
আনহাতে, ঘুণে ধৰা সমাজ ব্যৱস্থাত চৌদিশে অনিয়ম-অনীতিয়ে ছানি ধৰাৰ সময়ত সাংবাদিকসকলে কিমান সততাৰে জীৱন নির্বাহ কৰিব তাকে লৈ প্রশ্ন উত্থাপন হৈছে বুলিও তেওঁ কয়। নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কষি কয় যে তথ্য-প্রযুক্তির প্রত উন্নতিৰ লগে লগে সংবাদ মাধ্যমলৈ যথেষ্ট পৰিৱর্তন আহিছে যদিও একাংশ ডিজিটেল মাধ্যমে মূল ষ্ট্ৰিমৰ সংবাদ মাধ্যমৰ প্রত্যাহ্বানৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমৰ বিভ্রান্তিমূলক প্রচাৰে সংবাদ গোষ্ঠীৰ ওপৰত বিৰোপ প্রভাৱ পেলাইছে। ইয়াৰ ফলত সংবাদ গোষ্ঠীৰ ওপৰত থকা থকা মানুহৰ বিশ্বাস ক্রমে হ্রাস পাবলৈ আৰম্ভ কৰিছে। চৰকাৰে এই ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ নকৰিলে অনাগত দিনত অধিক সমস্যাৰ সৃষ্টি হোৱাৰ আশা আছে।
আনহাতে, গুৱাহাটী প্লেছ একাডেমি প্রতিষ্ঠা কৰি অসম বার্তাজীরী সংঘই আন এটি উল্লেখযোগ্য কাম কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পুব মণ্ডলৰ স্থানীয় মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপ্রবন্ধক (জনসংযোগ আৰু চিএছআৰ) সুজিত দে'ই সভাত অংশগ্রহণ কৰি সাম্প্রতিক সময়তৰ ডিজিটেল সুবিধাসমূহ বর্ণনা কৰাৰ লগতে ম'বাইলত অচিনাকি সূত্ৰৰ পৰা লিংক বিচাৰি অহা যিকোনো বার্তা অগ্রাহ্য কৰিবলৈ আহ্বান জনায়। ভাৰতীয় বার্তাজাৱী মহাসংঘৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ফণীবৰ দাস আক সম্পাদক বিশ্বজিৎ দাসেও সভাত বক্তব্য আগবঢ়ায়। উক্ত সভাতে অসম বার্তাজীৱী সংঘৰ প্রাক্তন সভাপতি আৰু সাধাৰণ সম্পাদকসকলৰ লগতে বাজাখনৰ ভিন্ন প্রান্তৰৰ প্রায় ৩২গৰাকী জ্যেষ্ঠ সাংবাদিকক বিশেষ সম্বর্ধনা জনোৱা হয়। সন্ধিয়া বন্তি প্রজ্বলন কৰি সমাৰোহৰ সামৰণি ঘোষণা কৰা হয়।