উটি গʼল সোৱণশিৰি প্ৰকল্পৰ স্পিলৱেʼগেʼটৰ অংশ

dainik janambhumi June 12, 2025

ডিজিটেল ডেস্কঃ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত এটা ভয়ংকৰ অঘটন সংঘটিত হৈছে। পানীৰ কোবাল সোঁতে খহাই নিলে স্পিলৰে' গে'টৰ তলৰ কিছু অংশ। বান্ধটো কমিছন কৰাৰ পৰিকল্পনা কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। 

মূল বান্ধৰ ৬নং ব্লকত পৰিছে এন এইচ পি চি। গেৰুকামুখৰ অতি থুনুকা পাহাৰত ২০০০ মেগাৱাট ১১৬ মিঃ সু উচ্চ ক্ষমতা সম্পন্ন এই বৃহৎ নদী বান্ধক লৈ উত্তৰ অসমৰ জনতা এতিয়া আতংকিত। ভয়-শংকাৰ মাজতে জীবন নির্বাহ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে উত্তৰ অসমৰ জনতাই। চলিত মাহত ৭৫০ মেগাবাট শক্তি উৎপাদনৰ লক্ষ্য আছিল এন এইচ পি চিৰ। ইয়াৰ মাজতে পানীৰ কোবাল সোঁতে খহাই নিলে স্পিলবে' গে'টৰ তলৰ কিছু অংশ। প্রণিধানযোগ্য যে অসমৰ দল-সংগঠনৰ প্ৰতিবাদক আওকাণ কৰা এন এইচ পি চিয়ে কিন্তু কষ্ট প্ৰকৃতিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছে। 

বর্তমান এন এইচ পি চিৰ মূল বান্ধৰ পৰা হোৰা-হোৰে নামি আহিছে পানীৰ ধল। ইফালে জলবোমাই নামনিবাসীৰ ৰাইজৰ জীৱনলৈ ভয়ংকৰ বিপদ কঢ়িয়াই অনাটো নিশ্চিত। হৈ পৰিছে। কিন্তু নামনিবাসীৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰতি চৰকাৰৰ তিলমানো গুৰুত্ব নাই। এসমত একাংশ নেতা-কর্মীয়ে নদীৰ বান্ধ বিৰুদ্ধে আন্দোলনৰ কৰি গিজগিজাই থকাৰ লগতে মন্ত্ৰী, বিধায়ক হ'ল। একাংশ নেতা-কর্মীৰ বেপৰোৱা তথা লোলুপ দৃষ্টিৰ বাবেই নদী বান্ধ আন্দোলন স্তিমিত হৈ ৰ'ল। 

ইফালে লখিমপুৰৰ ৪০৫ মেগাৱাট ক্ষমতাসম্পন্ন ৰঙানদী জলবিদ্যুৎ প্রকল্পই যেনে ধৰণৰ বিভীষিকাৰ সৃষ্টি কৰি আহিছে অদূৰ ভৱিষ্যতে সোৱণশিৰিৰ নামনিত কেনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়াই সহজে অনুমেয়। অসম চৰকাৰৰ সৈতে হোৱা বৃহৎ নদীবান্ধ বিৰোধী ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্ত অনুসৰিয়ে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত চৰকাৰৰ সদিচ্ছাৰ অভাব। খিলঞ্জীয়াৰ পক্ষত থাকি জাতি, মাটি, ভেটিৰ ৰক্ষাৰ প্রতিশ্রুতি দিয়া চৰকাৰখনক সময় থাকোতেই বিশেষজ্ঞ সমিতিৰে আলোচনা কৰি নামনিবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আছুৱে দাবী জনায়। ছাত্ৰ সন্থাৰ স্থিতি স্পষ্ট- আমি উন্নয়ন বিৰোধী নহয় কিন্তু নামনিলৈ বিপদ কঢ়িয়াই আনিব পৰা বৃহৎ নদীবান্ধৰ পক্ষত আমি নাই। 

আনহাতে উত্তৰ অসমৰ জনতাক পণবন্দী কৰিব খোজা কার্যত তীব্র ক্ষোভ প্রকাশ কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ঋতুপর্ণ কোঁচ আৰু সাহিত্য সম্পাদক কল্পজিত সোণোৱালে

Share This