৮৫ বছৰৰ ঊর্ধ্ব, দিব্যাংগই ঘৰতে দিব পাৰিব ভোট, ই ভি এমত প্ৰাৰ্থীৰ নাম প্রতীক সংযোজনৰ কাম আৰম্ভ

dainik janambhumi March 31, 2026

ডিজিটেল ডেস্ক : অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া ইলেক্ট্রনিক ভোটিং মেচিনত প্ৰাৰ্থীসকলৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰাৰ গুৰুত্বপূৰ্ণ কাম আজিৰ পৰা ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিতে আৰম্ভ হ'ব। এই প্রক্রিয়া সংশ্লিষ্ট জিলা নির্বাচনী বিষয়াই নিৰ্ধাৰিত কৰা স্থানসমূহত ইলেক্ট্রনিকত কৰ্প'ৰেশ্যন অব ইণ্ডিয়া লিমিটেডৰ দ্বাৰা অনুমোদিত অভিযন্তা আৰু কাৰিকৰী কৰ্মচাৰীৰ সহায়ত সম্পন্ন কৰা হ'ব। নির্বাচন আয়োগৰ নিৰ্দেশনাসমূহ অনুসৰণ কৰি সম্পূৰ্ণ স্বচ্ছতাৰে প্রতিদ্বন্দ্বী প্রার্থীসকল বা তেওঁলোকৰ অনুমতিপ্রাপ্ত প্রতিনিধিসকলৰ উপস্থিতিত সম্পন্ন কৰা হ'ব। 

মুঠ ৪১,৩৫৩টা বেলট ইউনিট, ৪৫,৫৭২টা কন্ট্র'ল ইউনিট আৰু ৪৪,৮৩০টা ভি ভি পি এটি ইউনিটত প্রার্থীসকলৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্ট কৰা হ'ব। ইয়াত অতিৰিক্তভাৱে সংৰক্ষণ কৰিবলগীয়া ৯,৮৬৩ টা বেলট ইউনিট, ১৪,০৮২টা কন্ট্র'ল ইউনিট আৰু ১৩,৩৪০টা ভি ভি পি এটি ইউনিটো এই প্রক্রিয়াত অন্তর্ভুক্ত আছে। প্রতিটো ভি ভি পি এটি ইউনিটত প্রতীক ল'ডিং ইউনিট (SLU) ব্যৱহাৰ কৰি প্ৰতীকসমূহ সংস্থাপন কৰা হ'ব। ভি ভি পি এটি ইউনিটত ল'ড কৰা প্রতীকসমূহ একে সময়তে মনিটৰ, টি ভি পৰ্দাত প্রদর্শিত কৰা হ'ব, যাতে প্রতিদ্বন্দ্বী প্রার্থীসকল আৰু তেওঁলোকৰ প্রতিনিধিসকলে পর্যবেক্ষণ কৰিব পাৰে। 

অধিক স্বচ্ছতা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত আস্থা বৃদ্ধি কৰাৰ উদ্দেশ্যে, প্রার্থীসকল বা তেওঁলোকৰ প্ৰতিনিধিসকলক মেচিনসমূহৰ মাজৰ পৰা ইচ্ছা অনুসৰি পচন্দ কৰি ৫ শতাংশ পর্যন্ত ই ভি এম আৰু ভি ভি পি এটি অনুশীলনমূলক ভোট গ্রহণ সম্পন্ন কৰাৰ সুযোগ দিয়া হ'ব। ভোটিং মেচিনসমূহত প্ৰাৰ্থীসকলৰ নাম তথা প্রতীক চিহ্ন সন্নিৱিষ্টকৰণৰ এই প্রক্রিয়া নির্বাচনী প্রস্তুতিৰ এক গুৰুত্বপূৰ্ণ পর্যায়।

Share This