বাগিচাই বাগিচাই শ্রমিক, কৰ্মচাৰীৰ ধৰ্ণা

dainik janambhumi January 08, 2026

ডিজিটেল ডেস্ক : অসম চাহ মজদুৰ সংঘৰ আহ্বানক্রমে কালি ব্রহ্মপুত্র উপত্যকাৰ সৰু-বৰ ৯০০ চাহ বাগিচাৰ ১২ লাখ দৈনিক মজুৰিত কাম কৰা শ্রমিক আৰু মাহেকীয়া বেতনভোগী ৫০ হাজাৰ উপ-কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ দাবীত বাগিচাই বাগিচাই এঘণ্টীয়া ধর্ণা কার্যসূচী পালন কৰি বাগিচাৰ পৰিচালকৰ যোগে ৰাজ্য চৰকাৰ আৰু বাগিচাৰ ঊর্ধ্বতন কর্তৃপক্ষলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ মুখ্যমন্ত্রীয়ে দিয়া প্রতিশ্রুতি আজি পর্যন্ত পালন নকৰি ২৫০ টকাত শ্রমিকক আবদ্ধ কৰি ৰাখিছে। ফলত বজাৰত খাদ্য সামগ্রী, ঔষধ-পাতিকে ধৰি অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাত চাহ শ্রমিকে ক্রয় শক্তি হেৰুৱাই পেলাইছে। ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ বাবে বহু আঁচনি গ্রহণ কৰিলেও শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নোহোৱাত শ্ৰমিকসকলে ক্ষোভ প্রকাশ কৰিছে

আনহাতে, মাহেকীয়া বেতনভোগী উপ-কর্মচাৰীসকলৰ বেতনৰ ম্যাদ উকলি যোৱাৰ পাছতো বাগিচাৰ মালিক সন্থা অর্থাৎ চি চি পি এ নিশ্চুপ হৈ থকাত উপ-কৰ্মচাৰীসকলৰ মাজত অশান্তি সৃষ্টি হোৱা দেখা গৈছে। অসমৰ ২২টা শাখা সংঘৰ লগতে মৰাণ শাখা সংঘৰ অন্তৰ্ভুক্ত সকলো বাগিচাতে পুৰুষ আৰু মহিলা, উপ-কর্মচাৰীসকল সমৱেত হৈ মজুৰি বৃদ্ধি দাবীৰ শ্ল'গান দি বাগিচাৰ পৰিচালকৰ হাতত দাবী-পত্ৰ প্ৰদান কৰে।


শাখা সংঘৰ বিষয়ববীয়া, কর্মীসকলে বিভিন্ন বাগিচাৰ ধৰ্ণা কাৰ্যসূচীত নেতৃত্ব দিয়াৰ লগতে শাখা সংঘৰ জ্যেষ্ঠ সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ-লক্ষেশ্বৰ তাঁতীয়ে আছাম কোম্পানীৰ খুমটাই চাহ বাগিচাত পুৱাতে উপস্থিত হৈ কেইবাশ শ্রমিকৰ আগত ধর্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সম্পাদকগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্রুতি আখৰে আখৰে পালন কৰি চলিত মাহৰ ভিতৰতে আদায় দিবলৈ দাবী জনোৱাৰ উপৰি উপ-কৰ্মচাৰীসকলৰ মাহেকীয়া বেতন বৃদ্ধিৰ বাবে বাগিচা কর্তৃপক্ষই গুৰুত্ব নিদিলে অনাগত দিনত ৰাজ্যজুৰি জংগী আন্দোলনৰ পথ লোৱা হ'ব বুলি হুংকাৰ দিয়ে।

Share This