লাহৰীঘাটত বৃহৎ পৰিমাণৰ বনৰীয়া চৰাইসহ চোৰাং চিকাৰী  ছাইদুল ইছলামক গ্ৰেপ্তাৰ

Rashmi June 30, 2025

ডিজিটেল ডেস্কঃ মৰিগাঁৱৰ লাহৰীঘাটত বনৰীয়া চৰাইৰ নিধন যজ্ঞ। প্ৰতি নিশা  এটা চক্ৰই চলাই আহিছে বনৰীয়া চৰাইৰ নিধন যজ্ঞ। মেচিনেৰে বিভিন্ন চৰাইৰ মাত দি আকৰ্ষিত কৰে বনৰীয়া চৰাইক। মেচিনত অবিকল নিজ প্ৰজাতিৰ চৰাই মাত শুনিলে ওলাই আহে বনৰীয়া চৰাই। লগে লগে চোৰাং চিকাৰীৰ জালত বন্দী হয় নিৰীহ চৰাই।

ৰবিবাৰে নিশা লাহৰীঘাটত বৃহৎ পৰিমাণৰ বনৰীয়া চৰাইসহ এটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে গৰৈমাৰীত অভিযান চলাই বৃহৎ পৰিমাণৰ দুৰ্লভ প্ৰজাতিৰ চৰাই জব্দ কৰে। লগতে চোৰাং চিকাৰী এটাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

ইফালে আন্ধাৰৰ সুযোগ লৈ আন এটা চোৰাং চিকাৰী পানীত জঁপিয়াই পলায়ন কৰে। গ্ৰেপ্তাৰ হোৱা এই চোৰাং চিকাৰীটোৰ নাম ছাইদুল ইছলাম।

উল্লেখযোগ্য  যে দীৰ্ঘদিন ধৰি চিকাৰীটোৱে এটা বিশেষ মেচিনৰ জৰিয়তে চৰাইৰ মাত উলিয়াই কামচৰাই, শৰালি হাঁহ আদি বিভিন্ন বনৰীয়া চৰাই ধৰি বিক্ৰী কৰি আহিছে।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This