ডিজিটেল ডেস্কঃ শীঘ্রে বাতিল হ'ব গাহৰি বিক্ৰীৰ ওপৰত থকা চৰকাৰী নিষেধাজ্ঞা। শেহতীয়াকৈ গাহৰি বিক্ৰীৰ ক্ষেত্রত নিষেধাজ্ঞা থকা সাতখন জিলাত গাহৰিৰ দেহত ধৰা পৰা নাই আফ্রিকান ছোৱাইন ফিভাৰ। আজি গাহৰি বিক্ৰীৰ নিষেধাজ্ঞা বাতিলৰ সম্পৰ্কত চৰকাৰে ল'ব সিদ্ধান্ত।
ধেমাজিৰ এখন পর্যালোচনা সভাত অংশ লোৱাৰ পাছত সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে পশুপালন মন্ত্রী কৃষ্ণেন্দু পালে। আনহাতে, ছোৱাইন ফিভাৰৰ ফলত ক্ষতিগ্রস্ত গাহৰি পালকক পর্যায়ক্রমে সাহায্য দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
ক্ষতিপূৰণৰ ৫০ শতাংশ কেন্দ্ৰীয় চৰকাৰে দিয়াৰ বিপৰীতে বাকী ৫০ শতাংশ ৰাজ্য চৰকাৰে ইতিমধ্যে ক্ষতিগ্রস্ত গাহৰি পালকে একাউণ্ট যোগে লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী পালে। এনে হ'লে আজিৰ পৰা ৰাজ্যৰ ৭খন জিলাত পুনৰ আৰম্ভ হ'ব গাহৰি মাংসৰ বিক্ৰী।