জুবিনৰ মৃত্যু : এছ আই টিৰ মুৰব্বী গুপ্তাই ক'লে, সামাজিক মাধ্যমত ভাইৰেল হোৱা মৰণোত্তৰ প্রতিবেদন ভুৱা

dainik janambhumi October 16, 2025

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্প জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰে বুলি স্পষ্ট কৰাৰ পাছতো সামাজিক মাধ্যম আৰু মেছেজিং প্লেটফৰ্মত ভাইৰেল হোৱা জুবিন গাৰ্গৰ জি এম চি এইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন 'ভুৱা' বুলি দাবী কৰিলে এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই। কালি সংবাদ মাধ্যমৰ আগত গুপ্তাই স্পষ্ট কৰে যে ভাইৰেল হৈ পৰা প্রতিবেদনখন প্রকৃত নহয়। সেই কাগজখনত কোনো চিকিৎসকৰ স্বাক্ষৰ নাই। 

উল্লেখযোগ্য যে সম্পূর্ণ গোপনীয় বুলি আৰক্ষীয়ে দাবী কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন বিভিন্ন প্লেটফর্মত ভাইৰেল হৈ পৰিছিল। হাতে হাতে বাগৰি ফুৰা এই প্রতিবেদনখনক লৈ আনকি গৰিমা শইকীয়া গার্গেও প্রতিক্রিয়া প্রকাশ কৰিবলৈ বাধ্য হয়। তেওঁ নিজে ৰাজহুৱা হোৱাৰ আশংকাত মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন গ্রহণ নকৰি এছ আই টিক ঘূৰাই দিছিল। সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত কালি গুপ্তাই বিভিন্ন মাধ্যমত ভাইৰেল হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন ভুৱা বুলি স্পষ্ট কৰে। সেই প্রতিবেদনখনত চিকিৎসকৰ কোনো স্বাক্ষৰ নথকাৰ কথাও তেওঁ আঙুলিয়াই দিয়ে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যিসকলে পৰীক্ষা কৰে সেই চিকিৎসকৰ স্বাক্ষৰ থাকে বুলিও কয়। 

আনহাতে, আৰক্ষীৰ হাতত থকা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন বেলেগ ধৰণৰ বুলি প্রকাশ কৰে এছ আই টিৰ মুৰব্বীজনে। আনহাতে, ভুৱা প্ৰতিবেদন কোনে আৰু কি উদ্দেশ্যত ভাইৰেল কৰিলে আৰক্ষীয়ে তাৰ তদন্ত কৰিব বুলিও সদৰী কৰে। ইয়াৰ সমান্তৰালভাৱে ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ সকলোকে আহ্বান জনায়। সামাজিক মাধ্যমত কোনে কি প্ৰচাৰ কৰি আছে আৰক্ষীয়ে সেয়া নিৰীক্ষণ কৰি আছে বুলিও উল্লেখ কৰি তেওঁ কয় যে বিভ্রান্তিকৰ বাতৰি ৰাইজৰ মাজত প্ৰচাৰ কৰাটো এটা অপৰাধ। তেনে ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল'ব বুলি তেওঁ সকীয়াই দিয়ে।

Share This