মাধ্যমিক স্তৰত নিযুক্তি হ'ব স্নাতকোত্তৰ, স্নাতক শিক্ষকৰ

dainik janambhumi December 11, 2025

ডিজিটেল ডেস্কঃ মাধ্যমিক স্তৰত পুনৰ স্নাতকোত্তৰ শিক্ষক আৰু স্নাতক শিক্ষক পদত নিযুক্তি হ'ব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা বিদ্যালয় শিক্ষা বিভাগৰ পৰা নিযুক্তি প্রক্রিয়া চলাবলৈ অনুমোদন লাভ কৰিছে। 

এই শিক্ষক পদসমূহ হ'ব কলা, বিজ্ঞান, গণিত, হিন্দী, সংস্কৃত বিষয়ৰ। খালী পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশৰ বাবে বিভাগৰ পৰা অনুমোদন লাভ কৰাৰ পাছত মাধ্যমিক শিক্ষা সঞ্চালকে বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলৰ পৰা খালী পদৰ সংখ্যাৰ তথ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। 

২০১৩ চনত প্রাদেশিকীকৰণ কৰা বিদ্যালয়সমূহ স্থায়ীভাৱে ৰখা খালী পদসমূহকে ধৰি বিভিন্ন প্রাদেশিক মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক আৰু স্নাতক শিক্ষকৰ সংখ্যা পৃথকে পৃথকে নির্দিষ্ট কৰি ফর্মেটত মাধ্যমিক শিক্ষা সঞ্চালকালয়ত অহা ২০ ডিচেম্বৰৰ ভিতৰত জমা দিব লাগিব।

Share This