নামনি সোৱণশিৰি প্ৰকল্পত আৰম্ভবিদ্যুৎ উৎপাদন, মুখ্যমন্ত্ৰীৰ আদৰণি

dainik janambhumi December 05, 2025

ডিজিটেল ডেস্ক: অসমৰ বিভিন্ন দল-সংগঠনৰ বিৰোধিতাৰ পাছতো এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম অব্যাহত ৰাখি কালি দ্বিতীয়টো ইউনিটৰ দ্বাৰা বিদ্যুৎ উৎপাদন আৰম্ভ কৰিলে। প্ৰথমটো ইউনিটত বিজুতিৰ পাছত কালি সফলভাবে দ্বিতীয়টো ইউনিটৰ জৰিয়তে ২৫০ মেগাৱাট বিজুলী উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে এন এইচ পি চিয়ে। ইফালে, নামনি সোৱণশিৰি প্ৰকল্পত বিদ্যুৎ উৎপাদনক আদৰণি জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। ছ'চিয়েল মিডিয়াযোগে তেওঁ কয়, 'দীর্ঘ প্রতীক্ষিত সোৱণশিৰি নামনি জলবিদ্যুৎ প্রকল্পৰ প্ৰথম পর্যায় আজি আৰম্ভণিৰে কাৰ্যক্ষম হৈছে। এই প্রকল্পই লাখ লাখ লোকৰ বাবে স্বচ্ছ শক্তি উৎপাদন কৰি দেশৰ শক্তি নিৰাপত্তাক এক গুৰুত্বপূৰ্ণ গতি প্রদান কৰিব আৰু আমাৰ বিকাশৰ আকাংক্ষাক অধিক ইন্ধন যোগাব।'

উল্লেখযোগ্য যে বিভিন্ন বেমেজালি আৰু ত্রুটীৰে নিৰ্মাণ কৰা ২০০০ মেগাৱাট শক্তি উৎপাদন সম্পন্ন এই নদী বান্ধটো আৰম্ভ হ'লেও বর্তমান ২৫০ মেগাৱাটৰ অধিক বিদ্যুৎ উৎপাদন কৰিব নোৱাৰে। কিয়নো ৮টা ইউনিটৰ ভিতৰত যি ২টা ইউনিটৰ কাম আৰম্ভ কৰা হৈছে, তাৰো প্ৰথমটো টার্বাইনৰ ৰটাৰৰ বিয়েৰিং ভগাৰ ফলত সেয়া বিকল হৈ আছে। ইফালে, টালি-টোপোলা মাৰি কোনোমতে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হোৱা প্রকল্পটো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দ্বাৰাই উদ্বোধন কৰিবলৈ এন এইচ পি চি কর্তৃপক্ষই চেষ্টা চলাই আছে যদিও এতিয়াও প্রধানমন্ত্রীৰ কার্যালয়ে সেউজ সংকেত প্ৰদান কৰা নাই। মন কৰিবলগীয়া কথা যে ২০০০ মেগাৱাটৰ এই নদী বান্ধটো নিৰ্মাণৰ বাবে ইতিমধ্যে ২৬ হাজাৰ ৭৫ কোটি টকা ব্যয় কৰা হৈছে। কিন্তু ইমান বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ পাছতো প্রকল্পটো নিখুঁতভাবে নির্মাণ নহ'ল। যাৰবাবে সততে প্রকল্পটোত অঘটন ঘটি আছে। এনে পৰিস্থিতিত অতি ভূকম্পন এলেকাত নিৰ্মাণ কৰা প্ৰকল্পটোক লৈ অসমৰ ৰাইজ শংকিত হৈ পৰিছে।

Share This