প্ৰাগ টাৱাৰত জুবিন গাৰ্গৰ ওপজা দিন উদযাপন 

dainik janambhumi November 19, 2025

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পীৰ কায়িক অনুপস্থিতত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অজস্ৰ অনুৰাগীয়ে ভিন্ন ধৰণে পালন কৰে প্রিয় শিল্পীগৰাকীৰ ওপজা দিন। গুৱাহাটীৰ উলুবাৰীৰ প্রাগ টাৱাৰ চৌহদতো 'মায়াবিনী' শীর্ষক অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ ওপজা দিন উদযাপন কৰা হয়। গীতে- মাতে উদযাপন কৰা প্ৰাণৰ শিল্পীৰ ওপজা দিনৰ অনুষ্ঠানত প্ৰাগ নিউজৰ সৈতে জুবিন গাৰ্গৰ যি আত্মিক সম্পর্ক সেই স্মৃতিক সুঁৱৰি প্ৰাগ পৰিয়ালৰ সদস্যসকল আৱেগিক হৈ পৰে। 

পূর্বে প্ৰাগ নিউজৰ ষ্টুডিঅ'ত পৰিয়ালৰ সৈতে জন্মদিনত কেক কাটি জন্মদিন পালন কৰিছিল হিয়াৰ আমঠু জুবিন গার্গে। কিন্তু আজি তেওঁৰ অনুপস্থিতিত প্ৰাগৰ বাকৰিত 'মায়াবিনী' গীতৰ তালে তালে প্রাগ পৰিয়ালে কেক কাটিলে। অনুষ্ঠানত বহুকেইগৰাকী উদীয়মান কণ্ঠ শিল্পীৰ লগতে গুৱাহাটীৰ শিক্ষানুষ্ঠানৰ শ্ৰেষ্ঠ গায়ক-গায়িকাই অংশগ্রহণ কৰি জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি প্ৰাগৰ চোতাল জীপাল কৰি তুলে। অনুষ্ঠানত তেজপুৰৰ মিছামাৰীৰ মেহদিয়া খানম আহমেদ নামৰ এগৰাকী কিশোৰীয়ে ১০টা ভাষাত জুবিনৰ 'মায়াবিনী' গীতটি পৰিৱেশন কৰে। 

প্ৰাগ নিউজৰ কেইবাগৰাকীও সংবাদকর্মীয়ে জুবিন গাৰ্গৰ কালজয়ী গীত পৰিৱেশন কৰাৰ লগতে অতনু বৰঠাকুৰে মাউঠ অর্গেনত জুবিনৰ গীতৰ সুৰ তুলে। এনেদৰেই প্ৰাণৰ শিল্পীগৰাকীৰ অৱৰ্তমানত তেওঁৰ ওপজা দিনটোত তেওঁৰ গীতেৰেই জীপাল হৈ পৰিল প্ৰাগৰ বাকৰি।

Share This