'৫৫ বছৰে অসমৰ বাবে কাম কৰিও যদি মই অনা-অসমীয়া, তেন্তে অসমীয়াৰ সংজ্ঞা কি?

dainik janambhumi September 25, 2025

ডিজিটেল ডেস্কঃ 'অসমতে মোৰ জন্ম। যোৱা ৫৫ বছৰে মই অসমৰ বাবে কাম কৰি আছোঁ। ৫০ খনৰো অধিক অসমীয়া ছবি নির্মাণ কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদৰ জীৱনভিত্তিক চিনেমা নিৰ্মাণ কৰিছোঁ, কিন্তু তাৰ পাছতো যদি মোক অনা অসমীয়া বুলি কয়, তেনেহ'লে অসমীয়াৰ সংজ্ঞা কি?' ছ'চিয়েল মিডিয়াত একাংশ লোকে অনা অসমীয়া বুলি আক্ৰমণ কৰাক লৈ আক্ষেপ ব্যক্ত কৰি আজি এই মন্তব্য কৰিছে প্রাগ নিউজ আৰু দৈনিক জনমভূমিৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণে।

সমগ্র বিষয়টোক লৈ আৱেগিক হৈ ড° নাৰায়ণে কয়, অসমত  জন্ম হৈ যোৱা ৫৫ বছৰে মই অসমৰ বাবে কাম কৰি আছোঁ। প্রায় ৮৫০০ লোকক সংস্থাপন দিছোঁ। যিমান কোম্পানী আছে সকলো অসমতে আছে। মেঘালয়ে সুবিধা দিয়াৰ পাছতো মই তাত ফিল্ম চিটি নির্মাণ কৰা নাই। এতিয়ালৈকে ৫০ খনৰো অধিক ছবি নির্মাণ কৰিছোঁ। যিসময়ত অসমীয়া চিনেমা নির্মাণ কৰিবলৈ কোনো লোক আগবাঢ়ি আহিব খোজা নাছিল, সেই সময়তো মই চিনেমা নির্মাণ কৰিছোঁ। এতিয়ালৈকে নিৰ্মাণ কৰা ৫০ খন চিনেমাৰ ৪৭ খনতে লোকচান হৈছে। তথাপি অসমীয়া চিনেমা নির্মাণ কৰিবলৈ এৰি দিয়া নাই। কিন্তু তাৰ পাছতো মোক অনা অসমীয়া বুলি কয়।' তেনেহ'লে অসমীয়াৰ সংজ্ঞা কি বুলি প্রশ্ন উত্থাপন কৰি নাৰায়ণে এই সংজ্ঞা স্পষ্ট কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকো অনুৰোধ জনায়। আৱেগিকভাৱে তেওঁ কয় 'মই আৰু কি প্রমাণ দিব লাগিব অসমীয়া হ'বলৈ?

ইমান দিনে অসমত থাকি অসমৰ বাবে কাম কৰিও অসমীয়া হ'ব নোৱাৰিলোঁ নেকি বুলি প্রশ্ন তুলি তেওঁ লগতে কয়- 'মই চিকাগোত কিছু দিনৰ পূৰ্বে প্ৰৱাসী অসমীয়াসকলে আয়োজন কৰা এক অনুষ্ঠানতো অসমত সকলোকে বিনিয়োগ কৰিবলৈ আহ্বান জনাই আহিছোঁ। কিয়নো আমি অসমখনক ভাল পাওঁ। অসমখনক নতুনকৈ গঢ়াৰ আমাৰ সপোন আছে। কিন্তু কিছু পর্টেলত কাম কৰা সাংবাদিক আৰু কিছু নির্দিষ্ট লোকে মোক ভিলেইন সজাব খুজিছে।'

Share This