ডিজিটেল ডেস্ক : এদিনীয়া কাৰ্যসূচীৰে অহা ১২ জুনত অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু। শ্রীমন্ত শংকৰদেৱ বঁটা প্রদান অনুষ্ঠানত অংশ লোৱাৰ বাবে ৰাষ্ট্ৰপতিগৰাকী অসমলৈ আহিব বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১২ জুনত আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্ণ প্রস্তুতি চলাইছে।
উল্লেখযোগ্য যে যোৱা ২৪ এপ্রিলতে দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতিগৰাকী শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰাৰ বাবে অসমলৈ অহাৰ কথা আছিল। কিন্তু ২২ এপ্রিলত পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণত ২৬জনকৈ পর্যটক নিহত হোৱাৰ পাছত তেওঁৰ উক্ত ভ্রমণ বাতিল কৰা হৈছিল।
ইয়াৰ পাছত ৰাজ্য চৰকাৰে পুনৰ ১২ জুনত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি ৰাষ্ট্ৰপতিগৰাকীক আমন্ত্রণ জনাইছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিগৰাকীয়ে বিশিষ্ট নৃত্য শিল্পী সোনাল মানসিঙক ৰাজ্যৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব।