'ৰৈ ৰৈ বিনালে'ক লৈ সংবাদমেল সম্বোধন  সদৌ অসম চিনেমা হল মালিক সংস্থাৰ

Rashmi October 27, 2025

ডিজিটেল ডেস্ক : সদৌ অসম চিনেমা হল মালিক সংস্থাৰ সংবাদমেল।  হোটেল এপল' গ্ৰেণ্ডত সংস্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰাৰ সংবাদমেল সম্বোধন।

'ৰৈ ৰৈ বিনালে'ক লৈ সংবাদমেল সম্বোধন। অসমৰ সকলো মানুহে যাতে এই চিনেমাখন চায় তাৰ বাবে আহ্বান।

তেওঁ কয় যে শৃংখলাবদ্ধভাৱে সকলোকে চাবলৈ আহ্বান জনাইছোঁ। যেতিয়ালৈকে অসমৰ ৰাইজে চিনেমাখন চাব তেতিয়ালৈকে চিনেমা হলত চিনেমাখন চলি থাকিব।

হিন্দী চিনেমাতকৈ আমি এইখন চিনেমাক বেছি অগ্ৰাধিকাৰ দিম। চিনেমা হলত টিকটৰ দাম বৃদ্ধিক লৈ আমিও দুখ প্ৰকাশ কৰিছোঁ।

অসমৰ কোনো থলু্ৱা মালিকে এই কাম কৰা নাই। মাল্টি নেশ্যনেল মালিকগোষ্ঠীয়ে এই কাম কৰি আছে।

আয়ুক্তৰ পৰাও পাৰমিচন লোৱা নাই এইসকল মালিকে। আমি জুবিনক লৈ কোনো বেপাৰ কৰিব বিচৰা নাই।

আমি এইসকলক বয়কট কৰিব লাগে। মই দাবী জনাইছোঁ। অসম গণ পৰিষদ দলক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে চিনেমা হল বুক কৰিছে।

দিল্লী, মুম্বাইত বহি বেপাৰ কৰি আছে জুবিনক লৈ একাংশ মালিকে। ডিষ্ট্ৰিবিউটৰে হিন্দী চিনেমাৰ পৰা ২ শতাংশ লয় আৰু অসমীয়া চিনেমাৰ পৰা ১০ শতাংশ লয়।

মই আশা কৰিছোঁ ডিষ্ট্ৰিবিউটৰে অসমীয়া চিনেমাৰ পৰা এইবাৰ ১০ শতাংশ কমিচন লোৱাটো বাদ দিয়ক।

গৰিমাৰ লগত কথা পাতি আমাৰ সংস্থাটোৱে চিনেমাখনক লৈ বিশেষ ব্যৱস্থা ল'ম। এইখন চিনেমাৰ  লাইফ টাইমৰ বাবে ৰেকৰ্ড থাকি যাব। এসপ্তাহৰ বাবে সকলো চিনেমা হলৰ টিকট বুকিং শেষ হৈছে।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This