প্ৰধানমন্ত্ৰী মোদীয়ে ২০ ডিচেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব গুৱাহাটী বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল

Nikimoni Kachari December 16, 2025

ডিজিটেল ডেস্ক: গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলটো অহা ২০ ডিচেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ভিতৰতে বিশ্ব মানৰ আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা এই বিমানবন্দৰটো অহা ২০ ডিচেম্বৰত আবেলি প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিব। 

বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ উদ্বোধনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা হৈছে। এই উপলক্ষে এখন বিশাল ৰাজহুৱা সভাৰো আয়োজন কৰা হৈছে, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিব। ৫০ হাজাৰতকৈয়ো অধিক লোকৰ সমাৱেশ হ'ব লগা এই সভাৰ বাবে নিৰ্মাণ কৰি থকা হৈছে বিশাল পেণ্ডেল। 

প্ৰস্তুতিৰ বুজ লৈ তদাৰক কৰি আছে ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী আৰু উচ্চ পৰ্যায়ৰ বিষয়াই । সেইদিনা প্ৰধানমন্ত্ৰীয়ে নতুন টাৰ্মিনেলৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটি প্ৰতিমূৰ্তি মুকলি কৰিব। বিমানবন্দৰৰ সন্মুখভাগ অতি সুন্দৰকৈ সজাই তুলিবলৈ দিনে-নিশাই কাম কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী ড‌° হিমন্ত বিশ্ব শৰ্মায়ো প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ ল'বলৈ দুই-এদিনতে নতুন টাৰ্মিনেললৈ আহিব।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This