ডিজিটেল ডেস্ক : অহা ১৪ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। এই ভ্রমণ কালত তেওঁ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলংখন মুকলি কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্টৰ গুৱাহাটী চৌহদ মুকলি কৰাৰ লগতে এশখন ইলেকট্রিক বাছো অসমক প্ৰদান কৰিব। উল্লেখযোগ্য যে মৰাণত ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ বিমান অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। এখন বিশেষ বিমানত উঠি প্রধানমন্ত্ৰীগৰাকীয়ে সেইদিনা মৰাণত ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰাৰো সম্ভাৱনা আছে।
কালি এক ফে'চবুক লাইভযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্ৰীৰ আগমনৰ কথা অৱগত কৰি কয় যে ফেব্ৰুৱাৰী মাহতে দ্বিতীয়বাৰৰ বাবেও প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহাৰ সম্ভাৱনা আছে। সেইবাৰ তেওঁ কোকৰাঝাৰ আৰু গেলফু সংযোগী ৰে'লপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কোকৰাঝাৰত ৰে'লৰ দবা নিৰ্মাণৰ এটা উদ্যোগৰ শিলান্যাস কৰিব। ইয়াৰ উপৰি গুৱহাটীৰ পৰা বৰাকৰ শিলচৰলৈ ২২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিব লগীয়া এক্সপ্রেছ হাইবে' পথৰো প্ৰধানমন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰিব। সুদীর্ঘ ফে'চবুক লাইভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'অহা ২৪ জানুৱাৰীত বিদেশৰ পৰা অসমত গৈ উপস্থিত হৈ বৰক্ষেত্ৰীলৈ গৈ মহিলা উদ্যমিতা আঁচনিখনৰ শুভাৰম্ভ কৰিম। আনহাতে ২৫ তাৰিখে ডুমডুমাত এটি কলিৰ দুটি পাত আঁচনিখন আৰম্ভ কৰা হ'ব। এই আঁচনিৰ অধীনত সকলো শ্রমিকেই পাঁচ হাজাৰ টকাকৈ লাভ কৰিব। ইয়াৰ পাছত দ্বিতীয়বাৰ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতকা উত্তোলন কৰিম বুলি উল্লেখ কৰি তেওঁ জনায় যে ত্রিশ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ অসমলৈ আহি ডিব্ৰুগড়ত স্থাপন কৰিব লগীয়া অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিব। ড° শৰ্মাই অহা সাত ফেব্ৰুৱাৰীত মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ৭৫ হাজাৰ যুৱকক দুই লাখ টকাকৈ প্রদান কৰা হ'ব বুলিও কয়।
তেওঁ জনায় যে গুৱাহাটীত আৰম্ভ কৰিব লগীয়া এই আঁচনিৰ অধীনত প্রথম পর্যায়ত এক লাখকৈ টকা দিয়া হ'ব। পৰৱৰ্তী সময়ত ৰাজ্যৰ বিভিন্ন স্থানত বাৰখন জনসভা অনুষ্ঠিত কৰি বাকী হিতাধিকাৰীসকলক ধন প্ৰদান কৰা হ'ব। বাৰ বা তেৰ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰথম পৰ্যায়ৰ ধন দিয়া কাম সমাপ্ত কৰা হ'ব। ইফালে যোৱা বছৰ এই আঁচনিৰ ধন যিসকলক দিয়া হৈছিল তেওঁলোকৰ যিসকল সফল হৈছে তেওঁলোকক বিছ ফেব্ৰুৱাৰীৰ ভিতৰত দ্বিতীয় কিস্তিৰ ধন দিয়া হ'ব বুলি জনাই মুখ্যমন্ত্রীয়ে লগতে কয় যে কেইবাটাও বিভাগত নিযুক্তি দিব লগীয়া কাম বাকী আছে। এঘাৰ বা বাৰ ফেব্ৰুৱাৰীত প্রায় দুই হাজাৰ যুৱক-যুৱতীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হ'ব। শিক্ষকৰ নিযুক্তিৰ কামো ফেব্ৰুৱাৰীৰ ভিতৰতে সমাপ্ত কৰা হ'ব।
বিহালী নির্বাচনত দিয়া প্রতিশ্রুতি ৰক্ষা কৰি ছবিলাল উপাধ্যায়ৰ এটা প্রতিমূর্তি গুৱাহাটীত বিধানসভাৰ কাষতে ৩১ জানুৱাৰীত স্থাপন কৰা হ'ব। বিকাশৰ গতি যাতে ৰৈ নাযায় তাৰ বাবে মন্ত্ৰীসকলৰ সৈতে ডাভোছৰ পৰাই কথা পাতি আছোঁ বুলিও জনায় ড° শর্মাই। তেওঁ কয় যে কোকৰাঝাৰৰ ঘটনাক লৈ উদ্বিগ্ন হৈ আছিলোঁ। অৱশ্যে এতিয়া শন্তি ঘূৰি আহিছে। বিকাশৰ স্বাৰ্থত সকলোৱে শান্তি-শৃখংলা বৰ্তাই ৰাখিবলৈকো তেওঁ আহ্বান জনায়।