১৫,৬০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন-শিলান্যাসৰ বাবে আজি আহিব প্রধানমন্ত্রী

dainik janambhumi December 20, 2025

ডিজিটেল ডেস্ক : বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথোঁ আৰু তিনিটা মাহ বাকী থকাৰ সময়তে দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব লগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব লগীয়া এটা প্ৰকল্পৰ আধাৰশিলা আৰু আন এটা প্রকল্প ৰাইজৰ বাবে উৎসৰ্গা কৰিব। প্রায় ১৫৬০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব লগীয়া প্ৰধানমন্ত্ৰীৰ এই ভ্রমণক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যিক বিজেপিও তৎপৰ হৈ পৰিছে। কিয়নো এই ভ্রমণ কালত প্রধানমন্ত্ৰীগৰাকীয়ে দলীয় কার্যসূচী হিচাপে গুৱাহাটীত এটা ৰ'ড শ্ব'টো অংশগ্রহণ কৰিব। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ পি জিয়ে আজি প্রধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব লগীয়া সকলো স্থানৰ দায়িত্ব গ্রহণ কৰি জলে-স্থলে কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছে। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিটো স্থানলৈকে গৈ পৰিস্থিতি পর্যবেক্ষণ কৰি নিজেই সকলো তদাৰক কৰিছে। 

উল্লেখযোগ্য যে আজি বিয়লি ২-৪০ বজাত প্ৰধানমন্ত্ৰীগৰাকী আহিব লগীয়া বিশেষ বিমানখন লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ'বহি। ইয়াৰ পাছত তেওঁ বিয়লি তিনি বজাত বিমান বন্দৰৰ নৱনির্মিত টার্মিনেল ভৱনটো উদ্বোধন কৰি এখন জনসভা সম্বোধন কৰিব। চৰকাৰী কাৰ্যসূচী ইমানতে সামৰি প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ। দলৰ কাৰ্যালয়লৈ আহোঁতে তেওঁ এক ৰ'ড শ্ব'টো অংশগ্রহণ কৰিব। অনাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা এই ৰ'ড শ্ব' বিশেষ লক্ষ্যণীয় হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ মতে, এই ৰ'ড শ্ব'ত জালুকবাৰীৰ পৰা বশিষ্ঠলৈকে পথৰ দুয়ো কাষে প্রায় এক লাখ লোক সমবেত হ'ব। সন্ধিয়া দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মিলিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাব। ইফালে, ২১ ডিচেম্বৰৰ পুৱা ৮-৪৫ বজাত মহানগৰীৰ ফাঁচি বজাৰৰ সমীপত থকা গেটৱে' অব্ গুৱাহাটীত উপস্থিত হ'ব প্রধানমন্ত্ৰীগৰাকী। ইয়াত উপস্থিত হৈ তেওঁ ব্ৰহ্মপুত্ৰত চৰাইদেউ নামৰ এখন জাহাজত ৰাজ্যৰ ৩৫গৰাকী শিক্ষার্থীৰ সৈতে 'পৰীক্ষা পে চর্চা' অনুষ্ঠানত অংশগ্রহণ কৰিব। তাৰ পাছত প্রায় ৯-৪৫ বজাত প্রধানমন্ত্রীয়ে গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্রলৈ গৈ শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পাছতে তেওঁ নামৰূপলৈ বুলি ৰাওনা হ'ব। নামৰূপলৈ গৈ অসম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন কৰাৰ লগতে প্রধানমন্ত্রীয়ে তাত এখন জনসভাতো ভাষণ দিব। 

মন কৰিব লগীয়া কথা যে প্রধানমন্ত্রীয়ে আজি ৰাইজৰ বাবে মুকলি কৰি দিব লগীয়া লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেল ভৱনটো যোগাযোগ ব্যৱস্থা, অর্থনৈতিক সম্প্ৰসাৰণ আৰু বিশ্বব্যাপী সংযোগৰ ক্ষেত্ৰত এক ৰূপান্তৰশীল মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। প্রায় ১.৪ লাখ বর্গমিটাৰত বিস্তৃত নৱনির্মিত সংহত নতুন টার্মিনেল ভৱনটো বছৰি প্ৰায় ১.৩ কোটি যাত্রী বহন কৰিব পৰাকৈ নির্মাণ কৰা হৈছে। বিশেষভাৱে ৰানৱে', এয়াৰফিল্ড ছিষ্টেম, এপ্রন আৰু টেক্সিৱে' নির্মাণত আধুনিক প্রযুক্তি ব্যৱহাৰ কৰা হৈছে। ইফালে, ভাৰতৰ প্রথমটো প্রকৃতি-বিষয়ক বিমান বন্দৰ টার্মিনেল হিচাপে বিৱেচিত হ'ব লগীয়া নতুন টার্মিনেল ভৱনত বাঁহ আৰু অর্কিড ব্যৱহাৰ কৰাৰ ফলত অসমৰ জৈৱ-বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিছে। টার্মিনেলটোত উত্তৰ-পূর্বাঞ্চলত স্থানীয়ভাৱে উপলব্ধ প্রায় ১৪০ মেট্রিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে। কাজিৰঙাৰ সেউজীয়া প্রাকৃতিক দৃশ্য, জাপি আকৃতি, মোহনীয়া গঁড়ৰ প্রতীক আৰু কপৌ ফুলক প্রতিফলিত কৰা ৫৭বিধ অর্কিড আধাৰিত স্তম্ভনির্মাণ কৰা হৈছে। প্রায় এক লাখ থলুৱা প্ৰজাতিৰ উদ্ভিদেৰে এক অনন্য 'স্কাই ফৰেষ্টো' আছে যিয়ে যাত্রীসকলক এক অনন্য অভিজ্ঞতা প্রদান কৰিব। আনহাতে, টার্মিনেলটোত যাত্ৰীসকলৰ সা-সুবিধা, বিশেষকৈ ডিজিটেল দিশটোত সর্বাধিক গুৰুত্ব দিয়া হৈছে। এই প্রকল্পত প্রায় পাঁচ হাজাৰ কোটি টকা ব্যয় হৈছে। ইফালে নামৰূপ সাৰ কাৰখানাত প্রায় ১০,৬০০ কোটি টকাৰো অধিক টকা বিনিয়োগ হ'ব। এই প্রকল্প ৰূপায়িত হ'লে অসম আৰু চুবুৰীয়া ৰাজ্যকেইখনৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণ, আমদানি হ্রাস আৰু নিয়োগ সৃষ্টিৰে অঞ্চলটোৰ উন্নয়নত বিশেষ ভূমিকা গ্রহণ কৰিব। উল্লেখযোগ্য যে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অসমবাসীয়ে লাভ কৰিব লগীয়া এই দুটা প্রকল্পই ৰাজ্যৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাই নহয় নির্বাচনতো ব্যাপক প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে, যাক লৈ শংকিত হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ। ইতিমধ্যে কংগ্ৰেছে মোদীৰ এই ভ্ৰমণৰ সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে। আজি কংগ্ৰেছৰ নেতা ৰিপুন বৰাই কয়, 'প্রধানমন্ত্রী অসমলৈ আহিব লাগে বিপদৰ সময়ত। কিন্তু তেওঁ এতিয়া আহিছে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত।' প্ৰধানমন্ত্ৰীৰ এই ভ্রমণক নির্বাচনী ভিজিট বুলি অভিহিত কৰি তেওঁ লগতে কয় প্রধানমন্ত্রী আহক আমাৰ আপত্তি নাই। কিন্তু বিপদৰ সময়তো তেওঁ আহিব লাগে।' প্রণিধানযোগ্য যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ পাছতেই ৰাজ্যখনলৈ অহা ২৯ ডিচেম্বৰত আহিব কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ। কেন্দ্রীয় মন্ত্ৰী শ্বাহেও বৰদোৱা প্ৰকল্পকে ধৰি কেইবাটাও প্রকল্প মুকলি কৰিব। ক'বলৈ গ'লে বিজেপিয়ে ইতিমধ্যে ৰাজ্যত আৰম্ভ কৰা এই নির্বাচনী ৰণডংকাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে বিৰোধী।

Share This