ডিজিটেল ডেস্ক : অহা ৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৫-৩০ বজাত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সুধাকণ্ঠৰ জন্ম শতবার্ষিকী অনুষ্ঠান আৰম্ভ হ'ব। এই অনুষ্ঠানত উপস্থিত থাকিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। এই অনুষ্ঠান অধিক উপভোগ্য কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰাৰ কথা ব্যক্ত কৰি শুকুৰবাৰে দিছপুৰত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী অনুষ্ঠানলৈ প্ৰতিখন জিলাৰ আযুক্তই ভিন্ন সময়ত ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা ৫০জনকৈ লোক আনিব। আনহাতে এই অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ড° ভূপেন হাজৰিকাৰ স্মৃতিত বিশেষ মুদ্রা উন্মোচন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, সুধাকণ্ঠৰ শতবার্ষিকী অনুষ্ঠান উপভোগ কৰিব বিচৰা লোকসকলে বিশেষ পর্টেল যোগে আবেদন জনাব লাগিব। চৰকাৰে এই উদ্দেশ্যে এক পর্টেল মুকলি কৰিছে। ইচ্ছুক লোকসকলে এই পর্টেল যোগে অনুষ্ঠানত উপস্থিত থাকি উপভোগ কৰাৰ বাবে আৱেদন কৰিব লাগিব। অহা ২০ আগষ্টলৈকে ইচ্ছক লোকসকলে পর্টেল যোগে আবেদন কৰিব পাৰিব। ইয়াৰ পাছতে সাংস্কৃতিক বিভাগে আবেদনকাৰীলৈ আমন্ত্রণ-পত্ৰ প্ৰেৰণ কৰিব।
উল্লেখযোগ্য শুকুৰবাৰে মুখ্যমন্ত্রীয়ে মুকলি কৰা উক্ত পৰ্টেলটোৰ নাম হৈছে bhupenda-centennial.in। আনহাতে শতবার্ষিকীত আন অনুষ্ঠানৰ উপৰি ৰাজ্যৰ নবীন-প্রবীণ শিল্পীক লৈ গঠন কৰা সৰ্বমুঠ ১০০০ শিল্পীৰ দলে ২৩ মিনিটৰ বাবে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিব। 'অসম আমাৰ ৰূপহী'ৰ জৰিয়তে এই পৰিৱেশন আৰম্ভ হ'ব। অসমীয়া, বাংলা আৰু হিন্দী ভাষাত ভূপেন হাজৰিকাই গোৱা গীতৰ সমাহাৰ ঘটিব বুলি জনাই তেওঁ লগতে কয় যে এইবাৰ ৰাজ্যৰ কলেজসমূহত বার্ষিক অধিবেষণত যিগৰাকী শ্রেষ্ঠ কণ্ঠশিল্পী হৈছে তেওঁলোককো নিমন্ত্রণ জনোৱা হ'ব। একেদৰে সাংস্কৃতিক মহাৰণত ভাল প্রদর্শন কৰা সকলককো নিমন্ত্রণ জনোৱা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, ৰাজ্যৰ সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে তেওঁৰ এখন জীৱনীও উন্মোচন কৰা হ'ব। উল্লেখযোগ্য যে আঠ ছেপ্টেম্বৰৰ দিনা প্রধানমন্ত্রীয়ে পুরা নুমলীগড় শোধনাগৰত স্থাপন কৰা বায়' ৰিফাইনেৰী প্রকল্পটো ৰাইজৰ বাবে মুকলি কৰিব।
চাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষ এইটো হ'ব দেশৰ দ্বিতীয়টো এনে বায়' ৰিফাইনেৰী। এই প্রকল্পটো উদ্বোধন কৰাৰ লগতে এখন জনসভাতো প্রধান মন্ত্রীয়ে ভাষণ দিব। ইয়াৰ পাছত তেওঁ দৰঙলৈ আহি মঙলদৈত আয়োজিত এখন সভাত গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব। একেদৰে তেওঁ ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিবলগীয়া কুৰুৱা নাৰেংগী দলঙৰ কামৰ শুভাৰম্ভ কৰাৰ লগতে মঙলদৈ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব। আনহাতে অনাগত ছয় মাহত প্রধানমন্ত্রীয়ে অসমত বহুত ডাঙৰ ডাঙৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।