জীপ ছাফাৰী কৰি উৎফুল্ল ফ্ৰান্সৰ ৰাষ্ট্ৰদূত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ

dainik janambhumi November 02, 2025

ডিজিটেল ডেস্ক : ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কালিৰে পৰা আৰম্ভ কৰা হয় ব্যক্তিগত হাতী ছাফাৰী। কালি পুৱা ৫ বজাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটক, বাগৰি বনাঞ্চলৰ বন বিষয়া বিবিত দিহিঙীয়া, বিষয়া-কর্মী, স্থানীয় পর্যটন ব্যৱসায়ী বিমল শর্মা, নিপন শৰ্মা আদিৰ উপস্থিতিত কাজিৰঙা হোটেল এণ্ড ৰিজ'ৰ্ট এছ'চিয়েশ্যনৰ সভাপতি ফটিক বৰাই নাৰিকল ভঙাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্র সঞ্চালক সোণালী ঘোষে ফিতা কাটি আনুষ্ঠানিকভাৱে ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ কৰে। 

ড° ঘোষে সংবাদ মাধ্যমৰ আগত কয় যে হাতী ছাফাৰীৰ জৰিয়তে পৰ্যটকে জীৱ-জন্তুসমূহ ওচৰৰ পৰা চোৱাৰ সুবিধা পায়। সেয়েহে পৰ্যটকৰ বাবে এয়া এক প্রিয় ছাফাৰী হৈ পৰিছে। সমান্তৰালকৈ কালি বুঢ়াপাহাৰ বনাঞ্চলতো ব্যক্তিগত হাতীৰে ছাফাৰী পৰ্যটকৰ সুবিধার্থে মুকলি কৰা হৈছে। বিভাগীয় সূত্রে জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কালি ব্যক্তিগত ৩৩টা আৰু বুঢ়াপাহাৰ বনাঞ্চলত বিভাগীয় ২ তথা ব্যক্তিগত ৯টা হাতীৰে ছাফাৰী আৰম্ভ কৰা হৈছে। বুঢ়াপাহাৰ বনাঞ্চলত ব্যক্তিগত ৯টা হাতী একেবাৰে নতুনকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰীৰ বাবে অনা হৈছে গতিকে এই হাতীকেইটাক কিছু দিন বন্যপ্ৰাণীৰ সৈতে অৰণ্যৰ মাজত প্রশিক্ষণ দিয়াৰ পাছতহে এলিফেন্ট ছাফাৰীত লগোৱা হ'ব। 

তদুপৰি উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰাতো আজি অৰ্থাৎ ২ নৱেম্বৰৰ পৰা বিভাগীয় হাতীৰে ছাফাৰী আৰম্ভ কৰা হয়। ইপিনে, পহিলা নৱেম্বৰৰ দিনটোতে হাতী ছাফাৰী মুকলিৰ দিনাই পৰিলক্ষিত হ'ল দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ ভিৰ। হাতী ছাফাৰী কৰি উৎফুল্ল হৈ পৰিল বহিঃৰাজ্যৰ পৰ্যটক।

Share This