ডিজিটেল ডেস্ক: আহি থকা অসম বিধানসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতাত নামিবলগীয়া কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিত আগভাগ ল'ব দলটোৰ নেত্রী প্ৰিয়ংকা গান্ধীয়ে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্য কেৰালা, তামিলনাডু, পডুচেৰী, পশ্চিম বংগ আৰু অসমৰ বাবে পৃথক পৃথককৈ স্ক্রীনিং কমিটীসমূহ গঠন কৰিছে।
অসমৰ কংগ্ৰেছ প্রার্থীসকলক বাছনি কৰিবলৈ প্রিয়ংকা গান্ধীৰ নেতৃত্বত গঠিত কমিটীত সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছে সপ্তগিৰি শংকৰ উলকা, ইমৰান মাছুদ, ড° শ্রীভেলা প্রসাদক। তেওঁলোকৰ লগতে স্ক্রীনিং কমিটীত থাকিব অসমৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক, প্রদেশ কংগ্ৰেছৰ সভাপতি, কংগ্রেছ বিধায়িনী দলৰ দলপতি আৰু অসমৰ সাংগঠিক দায়িত্বত থকা এ আই চি চিৰ সম্পাদকসকল।
উল্লেখযোগ্য যে কংগ্ৰেছে প্রার্থিত্বপ্ৰয়াসীসকলৰ পৰা আৱেদন মাচুল ধার্য কৰি আৱেদন গ্রহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্রার্থিত্বপ্রয়াসীসকলৰ আৱেদনৰ ভিত্তিত কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীৰ অধ্যক্ষতাত গঠিত স্ক্রীনিং কমিটীয়ে অসম বিধানসভাৰ নিৰ্বাচনত প্রার্থিত্ব কোনে কোনে লাভ কৰিব সেই কথা থিৰাং কৰিব।