গৌৰৱ গগৈক প্ৰিয়ংকাৰ ধমক, ভূপেন বৰাই কিয় কংগ্ৰেছ এৰিব লগা হ'ল?

dainik janambhumi February 22, 2026

ডিজিটেল ডেস্ক : ভূপেন বৰাৰ বিজেপি গমনক সহজভাৱে লোৱা নাই কংগ্রেছ হাইকমাণ্ডে। জানিব পৰা মতে, ভূপেন বৰাৰ বিষয়টোক কেন্দ্ৰ কৰিয়েই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ধমক শুনিবলগীয়া হয়। উল্লেখযোগ্য যে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ পাছতে অসমলৈ অহা কংগ্ৰেছ নেত্রী তথা সাংসদ প্রিয়ংকা গান্ধীয়ে প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দলত্যাগৰ বিষয়টো গুৰুত্ব সহকাৰে পৰ্যালোচনা কৰে আৰু দল এৰি ভূপেন বৰাক কিয় যাবলৈ দিয়া হ'ল বুলি গৌৰৱ গগৈক প্রশ্ন কৰে। তেওঁ প্রদেশ কংগ্ৰেছৰ সভাপতিজনক ভূপেন বৰাই উত্থাপন কৰা অভিযোগসমূহ কিয় গুৰুত্বসহকাৰে বিবেচনা কৰা নহ'ল সেই সম্পৰ্কতো গৌৰৱ গগৈক কৈফিয়ৎ তলৱ কৰে যদিও গৌৰৱ গগৈয়ে কোনো প্রত্যয়জনক উত্তৰ দিব নোৱাৰিলে।

এই প্ৰসংগতে উল্লেখযোগ্য যে কংগ্ৰেছ দল এৰি অহা প্রায় প্রতিজন নেতা-কর্মীয়েই অভিযোগ আনিছে যে কংগ্ৰেছ দলটো এতিয়া ৰকিবুল হুছেইনৰ গ্ৰাসত আৰু ৰকিবুলে দলটো পৰিকল্পিতভাৱে ধ্বংস কৰি আনিছে। শেহতীয়া অসম ভ্রমণত প্রিয়ংকা গান্ধীয়ে ৰকিবুল হুছেইনৰ বিৰুদ্ধে অহা এনে অভিযোগ সম্পর্কতো গৌৰৱ গগৈক প্ৰশ্ন কৰে আৰু তেওঁক স্পষ্টভাৱে নির্দেশ দিয়ে যে নিৰ্বাচনৰ পূৰ্বে যাতে কোনো নেতাই দল ত্যাগ নকৰে সেয়া প্রদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈয়ে নিশ্চিত কৰক। ইয়াৰ পৰাই প্রমাণ হয় যে দলটোৰ অন্যতম শক্তিশালী নেতা ভূপেন বৰাৰ দল ত্যাগ আৰু বৰাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে অনা গুৰুতৰ অভিযোগে দিল্লীতো ধুমুহাৰ সৃষ্টি কৰিছে। ইফালে, কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে অসম ভ্রমণ সামৰি আজি প্রদেশ কংগ্ৰেছৰ নেতৃত্বক আলোচনাৰ বাবে দিল্লীলৈ তলৱ কৰে। কালি প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্রদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু ৰিপুন বৰাৰ লগত দিল্লীত কংগ্ৰেছ হাইকমাণ্ড এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত গৌৰৱ গগৈয়ে কয় যে প্রিয়ংকা গান্ধীয়ে দলৰ তৃণমূল নেতা-কর্মীৰ লগত মিলিত হৈ অসমৰ পৰিস্থিতিৰ বুজ লৈ যোৱাৰ অন্তত কালি ৰাজ্যত কংগ্ৰেছৰ নিৰ্বাচনকেন্দ্রিক বহুকেইটা গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰে। আনহাতে, বিৰোধী মিত্ৰতা সম্পৰ্কত প্রদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে দলসমূহে দিয়া তালিকাৰ পৰাই কংগ্ৰেছে বহু ত্যাগ কৰি বিৰোধী দলসমূহলৈ বহু ভাল আসন এৰি দিছে।

তদুপৰি কাজিৰঙাত অখিল গগৈৰ লগত হোৱা বৈঠকৰ কথা উল্লেখ কৰি তেওঁ কয় যে অখিল গগৈয়ে কৈছে যে কংগ্ৰেছে চাৰিখোজ মিত্ৰতাৰ দিশত ল'ব লাগিব। আমিয়েই যদি চাৰিখোজ লওঁ তেতিয়া কেনেকৈ হ'ব বুলি প্রশ্ন কৰি গৌৰৱ গগৈয়ে কয় যে আমি দুখোজ লৈছোঁ আৰু তেওঁলোকেও মিত্ৰতাৰ দিশত দুখোজ আগুৱাই আহক। তেওঁ নিজে মিত্ৰতাৰ পক্ষত আছোঁ বুলি উল্লেখ কৰি বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত আৰু তৃণমূলৰ শক্তিৰ ভিত্তিত এৰা-ধৰা হ'ব লাগে মিত্রতাত। তেওঁ লগতে এইবুলিও কয় যে ইমান আসন লাগে, সিমান আসন লাগে এতিয়া এনে ধৰণৰ দাবীৰ পৰিৱৰ্তে এৰা-ধৰা হ'ব লাগে। কাৰণ ইতিমধ্যেই মিত্ৰতাৰ ক্ষেত্ৰত আলোচনা শেষ পর্যায়ত উপনীত হৈছে।

Share This