ডিজিটেল ডেস্কঃ জাগীৰোডৰ গণেশ টকিজ চিনেমা হলত উপস্থিত হয় জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ এগৰাকী প্ৰযোজক শ্যামন্তক গৌতম ৷
চিনেমা হলটোৰ বৰ্তমান পৰিৱেশ সন্দৰ্ভত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে স্বত্বাধিকাৰী, পৰিচালক আৰু জুবিন ফেন ক্লাবৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ অতি শীঘ্ৰেই জাগীৰোডৰ গণেশ টকিজত ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদ মাধ্যমক অৱগত কৰে প্ৰযোজক শ্যামন্তক গৌতমে ৷
জাগীৰোডৰ চিনেমা হলটো পুনৰ কাৰ্যক্ষম কৰাৰ জুবিন গাৰ্গৰ সপোন বাস্তৱায়িত হোৱাত সুখ প্ৰকাশ কৰে প্ৰযোজকগৰাকীয়ে ৷ আনহাতে মুম্বাইৰ পৰা অহা ছাউণ্ড ইঞ্জিনিয়াৰ অমৃত প্ৰীতমেও শ্যামন্তক গৌতমক সংগ দি পৰিদৰ্শন কৰে হলটো ৷ ভাইমন দা ছবিৰ চিত্ৰগ্ৰহণ হোৱা হলটো চলি থাকিবলৈ সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায় অমৃত প্ৰীতমে ৷
উল্লেখ্য যে, জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ বাবে পুনৰ মুকলি কৰা হৈছে বিগত ৬ বছৰে বন্ধ হৈ থকা জাগীৰোডৰ গণেশ টকিজ ৷