ডিজিটেল ডেস্ক: অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে কালি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে বিশিষ্ট কৃষি বিজ্ঞানী তথা অভিজ্ঞ প্ৰশাসক প্ৰফেচৰ ড° দীপজ্যোতি ৰাজখোৱাই। বিশ্ববিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ তথা এগৰাকী দক্ষ গৱেষক হিচাপে ড° ৰাজখোৱাৰ এই নিযুক্তিয়ে ৰাজ্যখনৰ কৃষি আৰু শৈক্ষিক খণ্ডত বিশেষ উছাহৰ সৃষ্টি কৰিছে।
শিক্ষাদান, গৱেষণা আৰু প্ৰশাসনৰ ক্ষেত্ৰত সুদীৰ্ঘ ৩৫ বছৰৰো অধিক অভিজ্ঞতা থকা ড° ৰাজখোৱাই ইয়াৰ পূৰ্বে মেঘালয়ৰ উমিয়ামস্থিত ‘আই.চি.এ.আৰ.’ (ICAR) উত্তৰ-পূব পাৰ্বত্য অঞ্চল গৱেষণা কেন্দ্ৰৰ প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী তথা নাগালেণ্ডৰ আই.চি.এ.আৰ. কেন্দ্ৰৰ যুটীয়া সঞ্চালক হিচাপেও সফল সেৱা আগবঢ়াইছে।
প্ৰফেচৰ ড° ৰাজখোৱাই জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিব পৰা ৪টা সমন্বিত কৃষি পদ্ধতিৰ আৰ্হি আৰু ৩টা বিশেষ জলবায়ু সহনশীল ধানৰ জাত উদ্ভাৱন কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত কেঁচু সাৰৰ প্ৰযুক্তি জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। তেওঁ ৪৮.৩০ কোটি টকা ব্যয়সাপেক্ষ "জলবায়ু সহনশীল কৃষিৰ ৰাষ্ট্ৰীয় পদক্ষেপ" (NICRA) নামৰ বৃহৎ প্ৰকল্পটোৰ মুখ্য সমন্বয়ক হিচাপে সফলতাৰে দায়িত্ব পালন কৰিছিল।
কৃষি বিজ্ঞানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ লগতে তেওঁ বৰ্তমানলৈকে ১৯৬ খন গৱেষণা পত্ৰ আৰু ১৭ খন গ্ৰন্থ প্ৰকাশ কৰিছে। ইয়াৰ উপৰি অসমৰ বিভিন্ন আলোচনী আৰু দৈনিক বাতৰি কাকতত তেওঁৰ বহুতো কৃষি বিষয়ক জনপ্ৰিয় প্ৰবন্ধ প্ৰকাশ পাইছে। তেওঁ ‘ইণ্ডিয়ান ছচাইটি অৱ এগ্ৰ’নমী’ৰ স্বৰ্ণ পদকৰ লগতে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘ফেল’শ্বিপ’ লাভ কৰিবলৈ সক্ষম হৈছে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰি তেওঁ ৰাজ্যখনৰ কৃষি খণ্ডক বিশ্বমানৰ পৰ্যায়লৈ নিবলৈ আৰু কৃষক সমাজৰ উন্নয়নৰ বাবে নিষ্ঠাৰে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে।
প্ৰাগ নিউজ ডিজিটেল