বি টি চি পৰিষদীয় নিৰ্বাচনক লৈ তৎপৰ ইউ পি পি এলৰ মুৰব্বী তথা বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো

Rashmi April 07, 2025

ডিজিটেল ডেস্ক : হয়, আগন্তুক বি টি চি পৰিষদীয় নিৰ্বাচনক লৈ তৎপৰ হৈছে ইউ পি পি এলৰ মুৰব্বী তথা বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। বি টি চিৰ শাসনভাৰ পুনৰ দখল কৰিবলৈ অনুষ্ঠিত কৰিছে এখনৰ পিছত এখন ইউ পি পি এলৰ যোগদান সভা। চিৰাঙৰ বিজনীৰ মানাহ-চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পানবাৰী বজাৰত সোমবাৰে অনুষ্ঠিত ইউ পি পি এল দলৰ এখন যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।

মানাহ-চেৰফাং ব্লক ইউ পি পি এলৰ উদ্যোগত অনুষ্ঠিত এই সভাত বিজেপি, বি পি এফ, জি এছ পিৰ পৰা ১৮৩৯ জন লোকে আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰে। আনহাতে এই সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰে। লগতে বি টি আৰৰ ৪০ টা পৰিষদীয় সমষ্টিৰ বহু কেইটা সমষ্টি ইউ পি পি এলৰ কাৰণে ভাল হৈ আহিছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

আনহাতে এই সভাত উপস্থিত থাকে বি টি চিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, খাম্ফা বৰগয়াৰী, ইউ পি পি এলৰ সম্পাদিকা মীনা গয়াৰী, বিজনী জিলা ইউ পি পি এলৰ সভাপতি ফনীন বড়োসহ অন্যান্য নেতৃবৃন্দ । ইফালে এই সভাৰ পূৰ্বে প্ৰমোদ বড়োৱে কৃষকৰ সুবিধাৰ বাবে পানবাৰীত ৫০ লাখ টকাৰ centre of excellence ৰ আধাৰশিলা স্থাপন কৰে।

Share This