খুৰাকৰ বিৰুদ্ধে অপপ্ৰচাৰ ভতিজাকৰ

dainik janambhumi April 08, 2025

ডিজিটেল ডেস্ক : দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত উপৰ কুৰুৱাত এগৰাকী বৃদ্ধৰ বিৰুদ্ধে চক্রান্তমূলক অপপ্ৰচাৰ চলাইছে নিজ ভতিজাকে। বৃদ্ধগৰাকী জীৱিত থাকোঁতেই মৃত বুলি জনাই কোঃ পট্টাদাৰ হ'ব বিচাৰিছিল ভতিজাক বুলেন দাসে। ঘটনাৰ বিৱৰণী মতে, ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত উপৰ কুৰুৱাত ৩১২ নং পট্টাৰ ১৩৭ নং দাগ আৰু ২৯০ নং পট্টাৰ ৭৫৩ নং দাগৰ ১১ বিঘা মাটিৰ স্বত্বাধিকাৰী জাবৰুৰ দুই পুত্ৰ ক্ৰমে ৰহো আৰু তপোধনৰ মাজত চাৰে পাঁচ বিঘাকৈ মাটি ভগাই দিয়া হৈছিল। 

সেইমর্মে ৰহোৰ ছয় পুত্ৰ আৰু তপোধনৰ তিনি পুত্রই উক্ত মাটি ভোগ কৰি আছিল। ইমানলৈ সকলো ঠিকেই আছিল। কিন্তু ৰহোৰ এগৰাকী নাতিনীয়েক বুলেন দাসে পট্টাদাৰ তেওঁৰ খুৰাক লক্ষেশ্বৰ কটকী জীৱিত থাকোঁতে উল্লিখিত দাগৰ সমগ্র ১১ বিঘা মাটিতে নিজৰ নাম চক্রান্তমূলকভাৱে সন্নিৱিষ্ট কৰি লয়। এই সন্দৰ্ভত পট্টাদাৰ লক্ষেশ্বৰ কটকীয়ে ছিপাঝাৰ ৰাজহ চক্ৰত সমগ্র ঘটনাটো অৱগত কৰি বিষয়টো তদন্তৰ বাবে আবেদন জনায়। 

লক্ষেশ্বৰৰ এই আৱেদনৰ ভিত্তিত বিষয়টো চৰজমিন তদন্ত কৰি ছিপাঝাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ে চক্রান্তমূলকভাবে সন্নিৱিষ্ট কৰা বুলেন দাসৰ নামটো পট্টাৰ পৰা কৰ্তন কৰি পুনৰ প্ৰকৃত পট্টাদাৰ লক্ষেশ্বৰ কটকীৰ নাম অন্তর্ভুক্ত কৰে। এই ঘটনাটোকে সামাজিক মাধ্যমযোগে বুলেন দাসে তেওঁৰ নাম চক্রান্তমূলকভাবে কৰ্তন কৰা বুলি অপপ্ৰচাৰ চলাই আছে বুলি লক্ষেশ্বৰৰ পৰিয়ালে স্পষ্টকৈ জানিবলৈ দিছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি উপৰ কুৰুৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Share This