শৃংখলৰ প্ৰতিবাদে উদঙালে ৰঞ্জিতৰ কু-কীর্তি

dainik janambhumi June 01, 2025

ডিজিটেল ডেস্ক : গৃহ মন্ত্রী অমিত শ্বাহে সমগ্র দেশতে বাংলাদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ নিৰ্দেশৰ পাছতে অসমতো কেন্দ্ৰীয় চৰকাৰৰ নির্দেশনাত বাংলাদেশী বিতাড়নৰ প্ৰক্ৰিয়া চলিবলৈ ধৰিছে। ৰাজ্যজুৰি চলা বাংলাদেশী বিৰোধী অভিযানৰ মাজতে যোৰহাটত বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ নেতৃত্বত সমদল উলিয়াই ২৮ মে'ত বাংলাদেশীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল। সম্প্রতি যোৰহাটত পৌৰসভাৰ আজাদ চৌধুৰী নামৰ ঠিকাদাৰজনে বেদখল কৰি নিৰ্মাণ কৰা গৃহ আৰু ঠিকাদাৰজনৰ নাগৰিকত্বক লৈ অৱতাৰণা হোৱা বিভিন্ন প্রশ্নৰ প্রতিবাদ চলি থাকোঁতে বীৰ লাচিত সেনাৰ সৈনিকৰ মুখত 'শইকীয়া' উপাধিৰ বাৰ্ড কমিছনাৰৰ দুর্নাম বাৰে বাৰে উচ্চাৰিত হোৱা বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে। 

শতবর্ষ গৰকা যোৰহাট পৌৰসভাত এতিয়া শিক্ষাগত অর্হতাত সন্দেহ থকা বিশেষকৈ মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশৰ আওতালৈ অহা ৰঞ্জিত শইকীয়াৰ দৰে ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে যোৰহাটত বীৰ লাচিত সেনাৰ সৈনিকে চোকা সমালোচনা কৰা কাৰ্যই বিতর্কিত ৰঞ্জিত শইকীয়াৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে। যোৰহাট পৌৰসভাত বহুকেইজন ৱাৰ্ড কমিছনাৰ থকাৰ পাছতো কিয় 'শইকীয়া' উপাধিৰ এই বিশেষ লোকজনৰ নাম প্ৰতিবাদস্থলীত উচ্চাৰিত হ'ল বুলিও যোৰহাটত এতিয়া সর্বত্রে চর্চা চলিছে। বিভিন্ন সময়ত বিতৰ্কত সোমাই পৰা বাৰ্ড কমিছনাৰ ৰঞ্জিত শইকীয়াই পৌৰপতিৰ সৰলতাৰ সুযোগ লৈ যোৰহাট পৌৰসভাত দদপাই থাকি শেহতীয়াকৈ উপ-পৌৰপতি হোৱাৰ বাবে তৎপৰ হোৱা বুলিও এক খবৰ পোহৰলৈ আহিছে। 

শিক্ষাগত অর্হতাত সন্দেহ থকা এইগৰাকী ৱাৰ্ড কমিছনাৰ যদি উপ-পৌৰপতিৰ চকীত বহে তেন্তে যোৰহাট নগৰখনৰ অৱস্থা কি পৰ্যায়লৈ যাব সেই লৈ বহু সচেতন নাগৰিক চিন্তিত হৈছে। বিতৰ্কৰ আৱৰ্তত থকা এইজন ৱাৰ্ড কমিছনাৰে নামে-বেনামে সম্পত্তি কৰি কিদৰে ৰাজকীয় জীৱন অতিবাহিত কৰিছে কেৱল শিক্ষাগত অৰ্হতাৰ তদন্তই নহয় আৰু অধিক তদন্ত কৰিলে ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Share This