ডিজিটেল ডেস্ক : ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে সুখবৰ যে অসম তথা উত্তৰ পূৰ্বৰ পৰা কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে ৰোগীয়ে ৰাজ্যৰ বাহিৰলৈ আৰু যাবলগীয়া নহ'ব। কাৰণ ৰাজ্যৰ কৰ্কট ৰোগৰ চিকিৎসা প্রতিষ্ঠানত সংযোজন হ'ব প্ৰ'টন থেৰাপী মেচিন। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা সদৰী কৰে। তেওঁ কয় যে দেশৰ কোনো চৰকাৰী চিকিৎসালয়ত কালিলৈ এই মেচিন সংযোজন হোৱা নাই। টাটাৰ কৰ্কট চিকিৎসা প্রতিষ্ঠানতহে এই অত্যাধুনিক প্ৰ'টন থেৰাপী মেচিন আছে।
চৰকাৰী চিকিৎসালয়ত এই থেৰাপি মেচিন সংযোজন হোৱা অসমে হ'ব প্ৰথম ৰাজ্য। আগতে অসমৰ পৰা কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে মানুহ বাহিৰলৈ যায়। ৫০০ কোটি টকা মূল্যৰ এই প্ৰ'টন থেৰাপী মেচিন অসমৰ কৰ্কট চিকিৎসালয়ত সংযোজন হোৱাৰ পাছত আন ৰাজ্যৰ পৰা ৰোগী অসমলৈ আহিব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ১৭ খন কৰ্কট চিকিৎসালয়ৰ ভিতৰত ৯খন ইতিমধ্যে কার্যক্ষম হৈছে।
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলখন আধুনিক ৰূপত নিৰ্মাণ কৰিবলৈ এ ডি বিৰ লগত ৰাজ্য চৰকাৰে ইতিমধ্যে চুক্তি কৰিছে। জি এম চি এইচৰ পুৰণি বিল্ডিং ভাঙি ২২০০ কোটি টকা ব্যয়ৰে নতুন আধুনিক হস্পিটেল নিৰ্মাণ কৰা হ'ব। তেওঁ আৰু কয় যে ৰাজ্যত মুঠ ১৪ খনলৈ মেডিকেল কলেজৰ সংখ্যা বৃদ্ধি পাব। এইবছৰৰ পৰা বঙাইগাঁও মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ব।