ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ দাবী, জোঁৰ সমদলেৰে বকো কঁপালে ৩ ৰাভা জাতীয় সংগঠনে

dainik janambhumi December 07, 2025

ডিজিটেল ডেস্ক: কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে ষষ্ঠ অনুসূচীৰ দাবীৰে কালি সন্ধিয়া বকোত ৰূপায়ণ কৰে বৃহৎ জোঁৰ সমদল কাৰ্যসূচী। বকোৰ গান্ধী ময়দানৰ পৰা আৰম্ভ হোৱা এই জোঁৰ সমদল কাৰ্যসূচী উদ্বোধন কৰে ষষ্ঠ অনুসূচী দাবী সমিতিৰ কেন্দ্ৰীয় সভাপতি দশানন ৰাভাই। বকোৰ গান্ধী ময়দানৰ পৰা আৰম্ভ কৰি টেপচিয়া আৰু বকো মেডিকেল চ'ক হৈ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বকোৰ কেন্দুগুৰিস্থিত আৰছুৰ বকো আঞ্চলিকৰ কাৰ্যালয় প্ৰাংগণত এই জোঁৰ সমদল কাৰ্যসূচীৰ সামৰণি পৰে। কেইবা সহস্রাধিক ৰাভা জনগোষ্ঠীয় পুৰুষ-মহিলা, যুৱক-যুৱতীকে ধৰি দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থা, বেংগলী যুৱ-ছাত্ৰ ফেডাৰেশ্যন আদিৰ উপৰি কেইবাটাও সংগঠনৰ বিষয়ববীয়াসকলে এই জোঁৰ সমদলত অংশ লয়। 

প্রতিবাদী জোঁৰ সমদলকাৰীসকলে 'অসম চৰকাৰ, হায় হায়', 'ষষ্ঠ অনুসূচী লাগিবই', 'ষষ্ঠ অনুসূচী আমাৰ ন্যায্য দাবী', 'যষ্ঠ অনসূচী স্বাগতম', 'বিজেপি চৰকাৰ হায় হায়', 'ন' জাষ্টিচন' ৰেষ্ট' আদি শ্ল'গানেৰে বকোৰ আকাশ-বতাহ কঁপাই তোলে। জোঁৰ সমদলৰ অন্তত কেন্দুগুৰিত যুৱক সংঘৰ মঞ্চত এখন অনুষ্টুপীয়াকৈ এখন প্রতিবাদী সভাও অনুষ্ঠিত হয়। এই জোঁৰ সমদল প্রতিবাদী কাৰ্যসূচীত আৰছুৰ কেন্দ্ৰীয় উপ-সভাপতি প্রদীপ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্রী ললিতা ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা, উপ-সভাপতি নমল কুমাৰ ৰাভা, সম্পাদক অশোক নাবাংগ, মহিলা পৰিষদৰ সভানেত্রী ললিতা ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভা, বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুজিত ৰাভা, সম্পাদক দিব্য ৰাভা, বেংগলী ছাত্র ফেডাৰেশ্যনৰ সভাপতি সঞ্জয় চৌধুৰী, দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সম্পাদক অজিত আলী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভা প্ৰমুখ্যে ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে।

Share This