ডিজিটেল ডেস্ক: ৰাজ্যিক মর্যাদাৰে গোলাঘাট আৰু দেৰগাঁও আৰক্ষী বাহিনীয়ে বোকাখাত নাট্য মন্দিৰ প্ৰাংগণত কবি, নাট্যকাৰ, নাট পৰিচালক ৰফিকুল হোছেইনলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে। অসমৰ নাট্য, কাব্য জগতক উকা কৰি ৭১ বছৰ বয়সত গুচি গ'ল ৮০ দশকত নিজা সৃষ্টিৰে সুকীয়া ধাৰাৰ সৃষ্টি কৰি অসমৰ কাব্য, নাট্য জগতত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত বোকাখতীয়া শিপাৰ অসমৰ বিশিষ্ট কবি, নাট্যকাৰ, পৰিচালক, গল্পকাৰ, লেখক ৰফিকুল হোছেইন।
মৰিগাঁৱৰ লালিলাং দ্য থিয়েটাৰ ৰিডমৰ সৈতে বিশেষভাৱে জড়িত হোছেইন ১ ফেব্ৰুৱাৰীৰ পুৱা মৰিগাঁৱৰ আৱাসৰ বাথৰূমত সংজ্ঞাহীন হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। জানিব পৰা মতে, পুৱা বহু সময়লৈ ঘৰৰ দুৱাৰ বন্ধ দেখি মাতিও হোছেইনৰ মাত নাপাই আৰক্ষীক খবৰ দিয়ে নিকততম ব্যক্তিয়ে। আৰক্ষীয়ে বলপূর্বক বন্ধ দুৱাৰ খুলি বাথৰূমত পৰি থকা হোছেইনক উদ্ধাৰ কৰি মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভর্তি কৰোৱাত সংকটজনক অৱস্থাত আই চি ইউত ভর্তি কৰোৱা হয়। ইয়াৰ পাছত একেদিনাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্রেৰণ কৰে আৰু তাতেই চিকিৎসাধীন অৱস্থাতে শনিবাৰে অৰ্থাৎ ৭ ফেব্ৰুৱাৰীৰ নিশা হোছেইনে শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখযোগ্য যে অবিবাহিত হোছেইন মৰিগাঁৱৰ এক অতিথিশালাৰ কোঠাত অকলে আছিল। ঘটনাৰ খবৰ পোৱাৰ মাত্রকে হোছেইনৰ বোকাখাতৰ পৰিয়ালৰ লোক ৰাওনা হয় গুৱাহাটীলৈ। স্কুলীয়া জীৱনতে কবি হিচাপে আত্মপ্রকাশ কৰা হোছেইনে ১৯৫৫ চনত বোকাখাতত জন্ম লাভ কৰিছিল। বোকাখাতৰ প্রয়াত আৰক্ষী বিষয়া আনোৱাৰ হোছেইন আৰু প্রয়াত জাহান আৰা বেগমৰ ৫ পুত্ৰ, ২ কন্যাকে ধৰি ৬ সন্তানৰ তৃতীয় সন্তান ৰফিকুল হোছেইনৰ জন্ম স্থান গোলাঘাটত। প্রয়াত হোছেইনে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা শেষ কৰি যোৰহাটৰ জে বি মহাবিদ্যালয়ত উচ্চ শিক্ষা আহৰণ কৰিছিল।
হোছেইনৰ প্ৰকাশিত কবিতা সংকলন ক্রমে 'শৰবিদ্ধ আকাশ' (১৯৮৪), 'বিষাদ বসন্ত' (২০০৯)। প্রকাশিত পূর্ণাংগ নাট্য সংকলন ক্রমে 'ধোঁৱা', 'দৈৱকী', 'জলাশয়' (তিনিখন একত্র পূর্ণাংগ নাটক, (১৯৯৫, 'জলপ্রপাত' (২০০৮)। অদ্য পৰিমিত অপ্রকাশিত পূর্ণাংগ নাটকসমূহ, ক্রমে 'উজান', 'কৌৰৱ পাণ্ডৱ', 'অৰণ্যত উর্মিলা', 'সপোনৰ বৃন্দাবন', 'নির্বাক' আদি। চুটি নাটকসমূহ ক্রমে 'পুতলাৰ কোৰাচ', 'ছন্দিত সূর্য', 'জীৱন ছন্দোময়', 'অভিমন্যুৰ মহাকাব্য' (ছপা আকাৰে প্রকাশিত), 'ঘটোৎকচ' আদিৰ লগতে প্রায় পঁইত্ৰিছ বছৰীয়া নাটযাত্ৰাত মঞ্চ নাট পৰিচালনাৰ অভিজ্ঞতা অনেক। নাট্য জীৱনৰ অভিজ্ঞতাভিত্তিক গ্রন্থ থিয়েটাৰী গল্প 'এটা পেটিকোটৰ কাহিনী আৰু অন্যান্য' (২০১৫) তেওঁৰ উল্লেখযোগ্য প্রকাশিত গ্রন্থ।
২০২২ চনত তেওঁ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল। অসমৰ আগশাৰীৰ কাকত-আলোচনীত প্রকাশ পাই আহিছে হোছেইনৰ কবিতা আৰু বিভিন্ন লেখা। বোকাখাতৰ নাট্য, কাব্য জগতৰ পৰা পোখা মেলি সমগ্র অসমৰ নাট্য, কাব্যৰ সৃষ্টিশীল জগত ছানি ধৰি ৰফিকুল হোছেইন শেহতীয়াকৈ যোৱা ডেৰ দশক ধৰি মৰিগাঁৱৰ লালিলাং দ্য থিয়েটাৰ ৰিডমৰ সৈতে বিশেষভাৱে জড়িত হৈ আছিল। মহীৰুহস্বৰূপ ব্যক্তি গৰাকীৰ আকস্মিক অসুস্থতাই উদ্বিগ্ন কৰি তুলিছিল বোকাখাতৰ লগতে সমগ্ৰ ৰাজ্যৰ সৃষ্টিশীল, নাট্য জগতৰ সৈতে জড়িত অলেখজনক।
বোকাখাতৰ প্ৰায় দুকুৰি বছৰীয়া নাট্যানুষ্ঠান ৰূপজ্যোতি সংঘৰ জন্ম লগ্নৰে পৰা সুদীর্ঘকাল সংগঠনটোৰ সৈতে জড়িত ৰফিকুল হোছেইন। বোকাখাতৰ কোৰাচ, লোকায়ত, বংগভূমি আদি উল্লেখনীয় নাট্যানুষ্ঠানৰ জন্মদাতা আছিল প্রয়াত হোছেইন। ৰূপজ্যোতি সংঘ, বোকাখাতৰ লগতে হোছেইনৰ প্ৰতিগৰাকী অনুৰাগী হোছেইনৰ আকস্মিক প্রয়াণত শোকস্তব্ধ হৈ পৰিছে। শোকস্তব্ধ হৈছে বোকাখাত নাট্য মন্দিৰ, মৰিগাঁৱৰ লালিলাং দ্য থিয়েটাৰ ৰিডমৰ লগতে বোকাখাত তথা সমগ্ৰ ৰাজ্যৰ দল-সংগঠন, ব্যক্তি। জামুগুৰিহাট, লখিমপুৰৰ নাট্য জগতৰ সৈতে প্রয়াত ৰফিকুল হোছেইন বিশেষভাৱে জড়িত আছিল যদিও শেহতীয়াকৈ ডেৰটা দশক তেওঁ মৰিগাঁৱৰ লালিলাং দ্য থিয়েটাৰ ৰিডম গোষ্ঠীৰ সৈতে জড়িত হৈ মৰিগাঁৱতে সৰহ সময় থাকিবলৈ লৈছিল।
৭ ফেব্ৰুৱাৰীৰ নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ পৰা ৰফিকুল হোছেইনৰ নশ্বৰ দেহ বোকাখাতৰ নিজা বাসগৃহলৈ লৈ অহা হয় আৰু ৮ ফেব্ৰুৱাৰীৰ পুৱা পুষ্পসজ্জিত বাহনেৰে তেওঁক বোকাখাতৰ নিজা বাসগৃহৰ পৰা বোকাখাত নাট্য মন্দিৰ প্ৰাংগণলৈ যথেষ্ট সংখ্যক লোকৰ সমদলেৰে 'ৰফিকদাৰ জয়' ধ্বনিবে শোভাযাত্রা কৰি বোকাখাত নাট্য মন্দিৰ প্ৰাংগণলৈ অনা হয়। বোকাখাত নাট্য মন্দিৰ প্ৰাংগণত গোলাঘাট জিলা উন্নয়ন বিষয়া গুৰনল সিং, বোকাখাত সম-জিলা আযুক্ত শিবানী জার্নগেল, সম-জিলা আৰক্ষী বিষয়া বার্ডি বড়ো, ৰাজহ চক্র বিষয়া দেবাহুতি ডেকা, বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রাগজ্যোতি বুঢ়াগোহাঁই, বিভিন্ন দল-সংগঠনৰ উপস্থিতিত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে, অসম সংগীত পৰিৱেশনেৰে হোছেইনলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে। বোকাখাতৰ বিভিন্ন দল-সংগঠন, ব্যক্তিৰ লগতে সদৌ অসম কবি সন্মিলনে পতাকা আৰু গামোচাৰে বিশিষ্ট কবি, নাট্যকাৰ, পৰিচালকগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে।
আনহাতে, সদৌ অসম লেখিকা সমাৰোহ সমিতি, অসম নাট্য পৰিষদ, গোলাঘাট জিলা কবি সন্মিলন, গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটি, ৰূপজ্যোতি সংঘ, বোকাখাত নাট্য মন্দিৰ, সাৰথি বোকাখাত, নাট্যম বোকাখাত, বোকাখাত মহকুমা কবি সম্মিলন, বোকাখাত পুরতি সাহিত্য সভা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, ফেচেংবৰ হেৰিটেজ, বোকাখাতৰ বিভিন্ন শিক্ষানুষ্ঠান, বোকাখাত সম-জিলাৰ সাংবাদিক সংগঠনসমূহ, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, ব্যক্তি, সামাজিক-সাংস্কৃতিক দল-সংগঠনৰ লগতে জামুগুৰি হাট, বিশ্বনাথ চাৰিআলি, যোৰহাট, মৰিগাঁও, নগাঁও, তেজপুৰ, গোলাঘাটকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰপৰা আহি উপস্থিত হোৱা শোকাকুল গুণমুগ্ধ নাট্যকর্মী, কবিয়ে ৰফিকুল হোছেইনৰ নম্বৰ দেহত ফুলাম গামোচা, জনগোষ্ঠীয় গামোচা, পুষ্পাঞ্জলি অর্পণ কৰি শেষ শ্রদ্ধা জ্ঞাপন কৰে।
শেষ শ্রদ্ধা জ্ঞাপন কাৰ্যসূচীৰ আঁত ধৰে প্রবীণ নাট্যকর্মী তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱাই। শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতীয় গণনাট্য সংঘৰ বোকাখাতৰ হৈ সোণেশ্বৰ নৰহে অসমৰ কাব্য, নাট্য জগতলৈ হোছেইনে আগবঢ়াই যোৱা বৰঙনিৰ এক চমু আভাস দাঙি ধৰে। ৰফিকুল হোছেইনৰ মৃত্যুত কেবিনেট মন্ত্রী তথা বোকাখাতৰ বিধায়ক অতুল বৰা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত ফুকনে শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। কালি সন্ধিয়া বোকাখাত কলাখোৱা কবৰস্থানত জানাজা সম্পন্ন কৰা হয়।