ডিজিটেল ডেস্ক : বিজেপিৰ সহস্রাধিক নেতা-কর্মীয়ে দেওবাৰে মহানগৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত উত্তাল প্রতিবাদ সাব্যস্ত কৰে। ৰাহুল গান্ধীৰ উপস্থিতিতে কংগ্রেছ নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক লৈ কৰা অশালীন মন্তব্যৰ প্রতিবাদত কালি বিজেপি কর্মীসকলে ৰাজীৱ ভৱনৰ সন্মুখত কেৱল প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাই নহয়, ৰাজীৱ ভৱনৰ সন্মুখত থকা ৰাহুল গান্ধী আৰু মল্লিকার্জুন খৰ্গেৰ ফটো থকা বেনাৰ-প'ষ্টাৰো ফালি পেলায় আৰু আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজীৱ ভৱনলৈও চোঁচা লয়।
ইয়াৰ পৰিণতিতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি পর্যন্ত হয়। আজি বিজেপিৰ সহস্রাধিক নেতা-কর্মীয়ে ভঙাগড় উৰণ সেতুৰ সমীপৰ পৰা বিশাল প্রতিবাদী সমদলেৰে ৰাজীৱ ভৱনৰ দিশে আগবাঢ়ি যায়। কংগ্রেছী নেতাৰ এনে অপমানসূচক মন্তব্য ভাৰতীয় সংস্কৃতিৰ প্ৰতিও অপমান বুলি মন্তব্য কৰে প্রতিবাদকাৰীসকলে। প্ৰধানমন্ত্ৰীৰ মাতৃৰ প্ৰতি কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ৰিজবি নামৰ এজন লোকৰ লগতে ৰাহুল গান্ধী আৰু তেজস্বী যাদৱে প্ৰধানমন্ত্ৰীৰ মাতৃৰ প্ৰতি ইমানেই অভদ্র ভাষা ব্যৱহাৰ কৰিছে, সেই ভাষা উল্লেখো কৰিব নোৱাৰি।
তেওঁ লগতে এই বুলিও কয় যে এই ঘটনাই কেৱল প্ৰধানমন্ত্ৰীৰ প্ৰতি নহয়, দেশৰ মাতৃশক্তিৰ প্ৰতিয়েই কংগ্ৰেছৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফলন ঘটিছে। ইফালে আজি বিজেপিৰ কৰ্মীয়ে প্ৰতিবাদৰ সময়ছোৱাত ৰাহুল গান্ধী আৰু মল্লিকার্জুন খৰ্গেৰ ফটো সম্বলিত বেনাৰ-প'ষ্টাৰ গচকি ফালি পেলোৱাত দুখ আৰু প্ৰতিক্রিয়া প্রকাশ কৰিছে কংগ্ৰেছ কর্মীসকলে।