ৰাম মন্দিৰৰ মূল শিখৰত কলচী স্থাপন 

Rashmi April 16, 2025

ডিজিটেল ডেস্কঃ অযোধ্যাৰ শ্ৰী ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যই আন এক ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিলে। পণ্ডিত ব্ৰাহ্মণৰ উপস্থিতিত বৈদিক ৰীতি-নীতিৰে মূল শিখৰত প্ৰতিষ্ঠা কৰা হ’ল কলচী। পুৱা ৯-১৫ বজাৰ পৰা আৰম্ভ হোৱা এই পৱিত্ৰ কাম আৰু শিখৰত কলচী স্থাপনৰ কাম পুৱা ১০-৩০ বজাত সম্পূৰ্ণ হয়। এই উপলক্ষে অযোধ্যাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু স্থানীয় ৰাইজে ইয়াক এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছিল।

শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কয় যে বৈশাখীৰ শুভ দিন উপলক্ষে আৰু বাবা চাহেব ভীম ৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকীত এই কাম সম্পূৰ্ণ কৰা হৈছে। এতিয়া মন্দিৰৰ মূল শিখৰত ধ্বজদণ্ডৰ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। মন্দিৰ নিৰ্মাণৰ কাম চলি আছে। এই সাফল্যত সুখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ৰাম মন্দিৰ নিৰ্মাণ কেৱল আধ্যাত্মিক নহয়, সাংস্কৃতিক আৰু সামাজিক ঐক্যৰ প্ৰতীক। তেওঁ কয় যে অযোধ্যাত ভগৱান শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ কৰাটো দেশবাসীৰ বিশ্বাস আৰু দৃঢ়তাৰ ফল। ইয়াৰ দ্বাৰা বিশ্বৰ মঞ্চত ভাৰতৰ চিৰন্তন সংস্কৃতি আৰু অধিক শক্তিশালী হ’ব।

যোগীয়ে এই আস্থা আৰু নিৰ্মাণকাৰ্যৰ লগত জড়িত সকলো লোকক প্ৰশংসা কৰি ‘নতুন ভাৰত’ৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।  অযোধ্যাক বিশ্বমানৰ তীৰ্থস্থান হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে। পথ, ৰে’ল আৰু বিমান সংযোগৰ সমান্তৰালকৈ পৰ্যটক আৰু ভক্তৰ সুবিধাও সম্প্ৰসাৰণ কৰা হৈছে।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This